Student deadbody rescued: চাৰিদিনৰ অন্তত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ ইকাৰৰ মৃতদেহ
🎬 Watch Now: Feature Video
নদীত গা ধুবলৈ আহিয়েই প্ৰাণ হেৰুৱালে দুৰ্ভগীয়া ছাত্ৰই (Student deadbody rescued in Dikrong river) ৷ লখিমপুৰৰ ডিক্ৰং নদীত শনিবাৰে এগৰাকী অৰুণাচলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যোৱা ১২ জুলাইত সমনীয়া বন্ধুৰ সৈতে পাৰে নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈ আছিল নেৰিষ্টৰ প্ৰযুক্তিবিদ্যাৰ স্নাতকৰ ছাত্ৰ ইকাৰ টাকি (২১)৷ তাৰ পিছৰ পৰাই ইকাৰক বিচাৰি হাহাকৰ কৰিছিল পৰিয়ালৰ লোকে ৷ চাৰিদিনৰ অন্তত আজি অৰ্ধগলিত অৱস্থাত নৈত উদ্ধাৰ কৰে ইকাৰৰ মৃতদেহ ৷ স্থানীয় লোকে নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ইকাৰৰ মৃতদেহটো ৷ লগে লগে স্থানীয় ৰাইজে অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা থানাৰ (Bandardewa Police)আৰু অসমৰ হাৰমতী আৰক্ষী (Harmoti police) চকীত খবৰ দিয়াত এন ডি আৰ এফৰ জোৱানে নৈৰ পৰা উদ্ধাৰ কৰে মৃত ইকাৰক ৷ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST