thumbnail

By

Published : May 19, 2022, 8:31 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

অইলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰ্তৃপক্ষৰ

অইল ইণ্ডিয়া লিমি়টেডৰ ওপৰত উগ্ৰপন্থী আক্ৰমণৰ সম্ভাৱনা থকা বুলি অসম আৰক্ষীয়ে সাৱধানবাণী দিয়াৰ পাছতে সমগ্ৰ বিষয়টোৱে অইল ইণ্ডিয়াৰ ভিতৰচৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল (Possibility of attack of ULFA I on oil India limited) । আলফা(স্বা)য়ে তৈল প্ৰতিষ্ঠানত আক্ৰমণৰ সম্ভাৱনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই । অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ মুখপাত্ৰ ত্ৰিদীব হাজৰিকাই কয়, "এই সম্পৰ্কে অসম আৰক্ষীৰ পৰা বুধবাৰে পৰামৰ্শ লাভ কৰিছিলোঁ । মাজে সময়েও অসম আৰক্ষীৰ পৰা এনে ধৰণৰ পৰামৰ্শ পাওঁ । অইলৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিবলৈ পৰামৰ্শ দিছিল অসম আৰক্ষীয়ে । উগ্ৰপন্থীৰ আক্ৰমণৰ কথা অইল কৰ্তৃপক্ষৰ ওচৰত কোনো তথ্য নাই কিন্তু অইলৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।’’
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.