thumbnail

মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে AMCHত স্বাস্থ্যমন্ত্ৰী

By

Published : Sep 2, 2022, 4:44 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

বছৰজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে উদযাপন কৰিছে মহাৰজত জয়ন্তী (AMCH Diamond Jubilee)। মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰাকক্ষণত AMCHত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Assam Health minister at AMCH)। হাস্পতালখন পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনৰ পাছতে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দৰে AMCHকো চুপাৰ স্পেছিয়েলিটি হাস্পতালৰ দৰে গঢ়ি তোলা হ'ব । উত্তৰ পূৱৰ প্ৰথমখন ঐতিহাসিক চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সময়তে এই আশাব্যঞ্জক ঘোষণা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ (Diamond Jubilee celebration at AMCH)। উল্লেখ্য যে শুকুৰবাৰে AMCHত হঠাৎ উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী । চিকিৎসালয়খনৰ অতি বিশেষ সেৱা ব্লকত উপস্থিত হৈ তেওঁ পৰিদৰ্শন কৰে । তেওঁ উল্লেখ কৰা মতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হাস্পতালৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে AMCH কৰ্তৃপক্ষৰ সৈতে পৰ্যালোচনা কৰা হৈছে । ইফালে AMCHৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উলহ-মালহেৰে উদযাপন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে । আনহাতে ৰাজ্যৰ চিকিৎসালয়সমূহত চিকিৎসকৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰতিগৰাকী চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধি কৰাৰ ফলত নতুন চিকিৎসক গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলিও তেওঁ মন্তব্য কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.