thumbnail

By

Published : Jan 4, 2023, 10:10 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Asom Gaurav Award: তিনিচুকীয়াৰ পক্ষী নিৰীক্ষক বিনন্দ হাতীবৰুৱালৈ অসম গৌৰৱ বঁটা

তিনিচুকীয়াৰ দাঁতিকাষৰীয়া নতুন ৰঙাগড়া গাঁৱৰ পক্ষী নিৰীক্ষক, পক্ষীপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী বিনন্দ হাতীবৰুৱালৈ চলিত বৰ্ষৰ অসম গৌৰৱ বঁটা(Asom Gaurav Award 2022) আগবঢ়োৱাত আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ তথা গাঁওবাসী ৷ নতুন ৰঙাগড়া গাঁৱৰ স্বৰ্গীয় টংকেশ্বৰ হাতীবৰুৱা আৰু স্বৰ্গীয় নন্দেশ্বৰী হাতীবৰুৱাৰ পুত্ৰ বিনন্দ হাতীবৰুৱা ৷ তেওঁ ২০০৯ বৰ্ষত মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰাই নিজৰ দৈনন্দিন খৰচৰ কাৰণে মাগুৰি বিলত নাও চলাই পৰ্যটকসকলক ফুৰাইছিল ৷ পৰৱৰ্তী সময়ত হাতীবৰুৱাই মাগুৰি মটাপুং বিলৰ পক্ষীৰ ওপৰত অধ্যয়ন কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত হৈ পৰে ৷ এই বঁটাটো সপোনৰো অগোচৰ আছিল বুলি জানিবলৈ দিয়ে তেওঁ ৷ সুন্দৰী হাঁহখ্যাত মেণ্ডাৰিন ডাককে ধৰি এইপৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত পাঁচটা চৰাই চিনাক্ত কৰিছে বিনন্দ হাতীবৰুৱাই ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.