ভাৰতীয় পোষ্টত আক্ৰমণৰ বাবে মোক ধন দিছিল পাকিস্তানী সেনাই, সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তি - তাবাৰাক হুছেইন
🎬 Watch Now: Feature Video
জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ভাৰতীয় সেনাৰ চকীত আত্মঘাতী আক্ৰমণৰ উদ্দেশ্যৰে অনুপ্ৰৱেশ কৰা এটা উগ্ৰপন্থীক বুধবাৰে ভাৰতীয় সেনাই আটক কৰিবলৈ সক্ষম হয় (Indian Army apprehended armed Pakistan terrorist)৷ ধৃত উগ্ৰপন্থীটো পাকিস্তান অধিকৃত কাশ্মীৰৰ কোটলী জিলাৰ চাবজকোট গাঁৱৰ বাসিন্দা তাবাৰাক হুছেইন বুলি চিনাক্ত কৰা হৈছে (suicide attack on Indian Army Post)৷ আটকাধীন উগ্ৰপন্থীটোৱে চাৰিটা সহযোগীৰ লগত সীমান্তৰ কাটা টাঁৰ কাটি থকাৰ সময়তে ভাৰতীয় সেনাই প্ৰত্যক্ষ কৰি গুলীচালনা কৰে ৷ বাকীকেইটা উগ্ৰপন্থী পলাই যাবলৈ সক্ষম হয় যদিও তাবাৰকৰ শৰীৰত গুলী লগাত সি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কৰ্ণেল ইউনুছ চৌধুৰীয়ে ভাৰতীয় সেনাৰ শিবিৰত আক্ৰমণ কৰিবলৈ পঠিওৱা বুলি স্বাকীৰোক্তি প্ৰকাশ কৰে আটকাধীন তাবাৰকে (Identified as Tabarak Hussain)৷ এই আক্ৰমণৰ বিনিময়ত কৰ্ণেলজনে সন্ত্ৰাসবাদীটোক ৩০,০০০ টকা (পাকিস্তানী মুদ্ৰা) প্ৰদান কৰিছিল বুলি ভাৰতীয় সেনাক অৱগত কৰে ৷ লগতে এই কামৰ বাবে পাকিস্তান সেনাৰ মেজৰ ৰজ্জাকে প্ৰশিক্ষণ দিছিল বুলি ভাৰতীয় সেনাক স্বীকাৰোক্তি প্ৰদান কৰে ধৃত সন্ত্ৰাসবাদীটোৱে (Terrorist recruited Pakistan Intelligence Agency)৷ তাবাৰাক হুছেইন দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ লগতে চাৰিটাকৈ সশস্ত্ৰ গোটৰ নেতৃত্ব লৈছিল বুলি ভাৰতীয় সেনাই জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST