Anti-child marriage operation in Assam: ১৬ বছৰীয়া কিশোৰী বিয়া পাতি ধৃত স্বামীৰ প্ৰশ্ন - পত্নীৰ দায়িত্ব এতিয়া কোনে ল’ব ?

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2023, 12:31 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

নগাঁও, 3 ফেব্ৰুৱাৰী: "মোক আৰক্ষীয়ে লৈ আনিছে । এতিয়া মোৰ পত্নীৰ ভৰণ পোষণৰ দায়িত্ব কোনে ল’ব ? মই যেতিয়া বিয়া পাতিছিলোঁ মোৰ বয়স আছিল ২১ বছৰ আৰু পত্নীৰ বয়স আছিল ১৬ বছৰ । পলাই আহি গৈছিল আমাৰ ঘৰত ৷ মই অনা নাছিলোঁ ৷ ঘৰত অলপ অসুবিধা আছিল, সেইকাৰণে গুচি আহিছিল ৷ কিন্তু মই অনা নাছিলোঁ ৷ পলাই হে আহিছিল তাই মোলৈ ৷ পিছত মন্দিৰত বিয়া পাতিছোঁ ৷ এতিয়া মোক থানাত ৰাখক একো কথা নাই ৷ কিন্তু মোৰ পত্নী আৰু সন্তানটিৰ ভৰণ পোষণৰ দায়িত্ব কোনে ল’ব ? যদি এই দায়িত্ব আৰক্ষীয়ে লয় তেতিয়া হ’লে মই থানাত থকাত আপত্তি নাই ৷" বাল্য বিবাহত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰা নগাঁৱৰ ননৈৰ এজন স্বামীয়ে এইদৰে মন্তব্য কৰে কেমেৰাৰ সন্মুখত (Child marriage in Assam)।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল (Assam drive against child marriage) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ অনুসৰি বাল্যবিবাহৰ লগত জড়িত থকা স্বামী, পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌল্লবী আৰু কাজিক দোষী সাব্যস্ত কৰি POCSO আইনৰ অধীনত বিচাৰ কৰা হ’ব (Child marriage cases registered in Assam) ৷

সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত বাল্য বিবাহৰ মুঠ ৪,০০৪ টা গোচৰ পঞ্জীয়ন হৈছে (Assam child marriage case list) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৃহস্পতিবাৰে নিশাৰে পৰা আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে প্ৰায় 750 গৰাকী লোকক (Operation against Child marriage In Assam) ৷  

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ এটাৰ পিছত এটা জালত পৰিছে নগাঁও আৰক্ষীৰ । মুঠৰ ওপৰত বাল্য বিবাহত জড়িত স্বামীৰ লগতে পৰিয়াল, বিবাহত জড়িত সকলোৰে এতিয়া নিদ্ৰা হৰণ হৈছে । সৰ্বমুঠ নগাঁৱত এই পৰ্যন্ত আৰক্ষীয়ে বেআইনী স্বামীকে ধৰি ৫১ জন লোকক আটক কৰিছে (Illegitimate husband arrested From Nagaon) ৷

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.