Protests against corruption: হাতত ঝাড়ু লৈ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শংকৰজ্যোতি বৰুৱাৰ - দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17398467-thumbnail-3x2-sankar.jpg)
দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তে দুলীয়াজানত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ (road construction at Duliajan)। দুলীয়াজানৰ বৰকোলাৰ পৰা নাওশলীয়া সংযোগী পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ লগতে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল (corruption in road construction at Duliajan) । শেহতীয়াকৈ অইল কৰ্তৃপক্ষই পথটো নিৰ্মাণৰ বাবে উদ্যোগ প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত ৭০ লাখ টকা আৱণ্টন দিয়ে । কিন্তু ঠিকাদাৰে পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত পথটো নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ লগতে অইলৰ বিষয়াক মেনেজ কৰি ঠিকাদাৰে সিংহভাগ ধনেই হৰলুকি কৰাৰ অভিযোগ আছুৰ (protests against corruption) । সেয়ে বুধবাৰে হাতত ঝাড়ু লৈ পথ নিৰ্মাণৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ সাধাৰণ সম্পাদকৰ । এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST