ETV Bharat / technology

মুকলি হ’ল Nothing Phone 3A ছিৰিজৰ কেমেৰাৰ ডিজাইন - NOTHING PHONE 3A SERIES

Nothing Phone 3A ছিৰিজৰ কেমেৰাৰ ডিজাইন শ্বেয়াৰ কৰা হৈছে । এই ফোনটোৰ বিষয়ে জানো আহক ---

nothing-phone-3a-series-camera-teased-by-company-leak-specifications-and-details-in-assamese
মুকলি হ’ল Nothing Phone 3A ছিৰিজৰ কেমেৰাৰ ডিজাইন (Nothing)
author img

By ETV Bharat Tech Team

Published : Feb 19, 2025, 11:46 AM IST

হায়দৰাবাদ: 4 মাৰ্চত মুকলি হ’ব নাথিং ফোন 3A ছিৰিজ । কোম্পানীয়ে এই ফোনটোৰ দুটা ভেৰিয়েন্ট মুকলি কৰিব, য’ত নাথিং ফোন 3A আৰু নাথিং ফোন 3A প্ৰ’ মডেল থাকিব বুলি আশা কৰা হৈছে । এই ফোন ছিৰিজ মুকলি কৰাৰ পূৰ্বে কোম্পানীটোৱে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে টিজাৰ মুকলি কৰিছে । এই ক্ৰমত নাথিঙে নিজৰ আগন্তুক ফোনটোৰ নতুন টিজাৰ মুকলি কৰিছে, য’ত ফোনটোৰ কেমেৰা চেন্সৰবোৰ দেখা গৈছে । ইয়াৰ বিষয়ে জানো আহক ----

কেমেৰা ছেটআপৰ ইংগিত

নাথিং ফোন 3A ছিৰিজৰ ফোনটোৰ অফিচিয়েল X একাউণ্টৰ জৰিয়তে ফোনটোৰ বেক কেমেৰাৰ ডিজাইনৰ ইংগিত দিয়া হৈছে । এই পোষ্টটোত Nothing এ ফোন এটাৰ পিছফালৰ কেমেৰাৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তিনিটা কেমেৰা চেন্সৰ দেখা যায়, লগতে এটা LED ফ্লেছও দেখা যায় । এই ছবিখন দেখাৰ পিছত এনে লাগে যেন কোম্পানীয়ে এই ফোনটোত এটা টেলিফ’টো কেমেৰাও দিবলৈ ওলাইছে ।

এই পোষ্টটোৰ কেপচনত নাথিং এ কয়, "অধিক চাওক আৰু অধিক আবদ্ধ কৰক, য'ত প্ৰতিটো সবিশেষ একেবাৰে স্পষ্ট হ'ব ।" অৱশ্যে এই পোষ্টত কোম্পানীয়ে কোনো ফোনৰ নাম উল্লেখ কৰা নাই । একাংশ খবৰ অনুসৰি এই ফোনটোত পেৰিস্কোপ টেলিফটো কেমেৰা দিয়া হ’ব, যিটোৱে বহু দূৰৰ পৰাও স্পষ্ট ছবি আবদ্ধ কৰিব পাৰিব ।

কেমেৰাৰ সম্ভাৱ্য বিৱৰণ

নাথিং ফোন 3A ছিৰিজৰ বিষয়ে পূৰ্বৰ কিছু বাতৰি অনুসৰি এই ফোনটোৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ থাকিব পাৰে । বেচ মডেলৰ মূল কেমেৰাত 50 MP আৰু দ্বিতীয় কেমেৰাত 8MP আল্ট্ৰা-ৱাইড এংগল লেন্স থাকিব পাৰে । একে সময়তে এই ছিৰিজৰ প্ৰ’ মডেলক 50 MP চ’নী এলৱাইটি-600 টেলিফ’টো লেন্সৰ ৰূপত ছেকেণ্ডাৰী কেমেৰা চেন্সৰও দিব পাৰি, যিটো অপটিকেল ইমেজ ষ্টেবিলাইজেচনৰ সৈতে আহিব পাৰে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.