thumbnail

By

Published : Feb 17, 2022, 4:32 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

ETV Bharat / Videos

Majuli Bye Election 2022:মাজুলীত চিত্তৰঞ্জন বসুমতাৰীৰ মনোনয়নত সংগ লুৰীণজ্যোতি গগৈৰ

মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022) লৈ বিশেষ তৎপৰতা অসম জাতীয় পৰিষদ দলৰ । ইতিমধ্যে মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী । মনোনয়ন দাখিলৰ পূৰ্বে মাজুলীত উপস্থিত অজাপ (AJP) দলৰ সভাপতি লুৰীণজ্যোতি গগৈ । কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলত সংগ দিলে লুৰীণজ্যোতি গগৈয়ে । মাজুলীত উপস্থিত হৈয়ে লুৰীণজ্যোতিৰ ঘোষণা, মাজুলীৰ পৰাই ন্যায় প্ৰতিষ্ঠাৰ ৰাজনীতি আৰম্ভ হ'ব । ইয়াৰ উপৰিও বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে । ইফালে বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতাগৰাকীয়ে । তেওঁৰ অভিযোগ বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.