Rape case in Charaideo: ভাতৃ-ভগ্নীৰ সম্পৰ্কত কালিমা - ককায়েকে ধৰ্ষণ কৰিলে ভগ্নীক
🎬 Watch Now: Feature Video

চৰাইদেউত সংঘটিত হৈছে এক নিকৃষ্ট ঘটনা (Rape case in Charaideo) ৷ শুকুৰবাৰে কিশোৰীগৰাকীৰ ভাতৃ স্কুল আৰু মাতৃ কামলৈ ওলাই যোৱাৰ সময়ত ঘৰত কোনো নথকাৰ অৱস্থাত বলিন গোছাই নামৰ এজন যুৱকে ঘৰত প্ৰৱেশ কৰি এগৰাকীক কিশোৰীক ধৰ্ষণ কৰে বুলি জানিব দিয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । বলিন গোছাই নামৰ যুৱকজন কিশোৰী গৰাকীৰ সম্পৰ্কীয় ককায়েক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে মথুৰাপুৰ থানাত গোচৰ দিয়াত বলিন গোছাইক আটক কৰে আৰক্ষীয়ে (Cousin arrested for raping a minor girl) ৷ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে, বলিন গোছাইক বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST