বোকাখাতৰ ধোৱাআটিত বিহিয়া মিচিং সকলৰ সমাৰোহ - বোকাখাতৰ ধোৱাআটিত বিহিয়া মিচিং সকলৰ সমাৰোহ
🎬 Watch Now: Feature Video
অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এক অংগ হৈছে বিহিয়া মিচিং সকল । বিহিয়াসকল বিশেষকৈ অসমৰ বোকাখাত, নাৰায়ণপুৰ আৰু চামগুৰিত বছৰ বছৰ ধৰি বসবাস কৰি আহিছে । জাতিগত ভাৱে মিচিং যদিও এই সম্প্ৰদায়ৰ লোকসকলে মিচিং ভাষা ব্যৱহাৰ নকৰি অসমীয়া ভাষাৰে ভাৱৰ আদান প্ৰদান কৰে । দেওবাৰে বোকাখাতৰ ধোৱা আটি বেলগুৰী মুৰং ঘৰত বোকাখাত মহকুমাৰ ২০ খন বিহিয়া মিচিং গাঁৱৰ সাধু বুঢ়া, মিগম বৰুৱা আৰু গাঁও বুঢ়াসকলক লৈ প্ৰথমখন সমাৰোহৰ আয়োজন কৰা হয় (Bihiya mising ceremony at Bokakhat)। মিচিং সমাজত প্ৰচলিত ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতি একাত্মক ৰূপত পালন কৰিবৰ বাবে সমাৰোহত আলোচনা কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয় ।
Last Updated : Feb 3, 2023, 8:20 PM IST