ETV Bharat / sukhibhava

শীতকালত কিয় বৃদ্ধি পাই হাৰ্ট এটাকৰ সম্ভাৱনা ? ইয়াৰ পৰা ৰক্ষা পাবলৈ অৱলম্বন কৰক এই উপায়

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:24 PM IST

Protect your heart this winter: শীতকালত কিয় বৃদ্ধি পাই হাৰ্ট এটাকৰ সম্ভাৱনা ? শীতকালত হাৰ্ট এটাকৰ পৰা হাত সাৰিবলৈ কি উপায় অৱলম্বন কৰিব লাগে জানি লওক এই প্ৰতিবেদনত ৷

Why winter mornings raise risk of heart attacks ?
শীতকালত হাৰ্ট এটাকৰ পৰা হাত সাৰিবলৈ কি উপায় অৱলম্বন কৰিব লাগে

শীতকালৰ আগমন ঘটিছে ৷ গতিকে শীতকালত স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে । অলপ অসাৱধানতাৰ বাবেও হৃদ ৰোগত আক্ৰান্ত হ’ব পাৰে । দীৰ্ঘদিন শাৰীৰিক ক্ৰিয়া-কলাপ আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ নকৰিলে বিপদজনক হ’ব পাৰে । বিশেষজ্ঞসকলৰ মতে শীতকালত হাৰ্ট এটাকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় । যিসকলৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সঠিক নহয় তেওঁলোকৰ বাবে ই অধিক বিপদজনক হ’ব পাৰে । শীতকালত কিয় হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ? ইয়াৰ পৰা হাত সাৰিবলৈ উপায় সম্পৰ্কে কাৰ্ডিঅ'লজি বিশেষজ্ঞই কি কয় জানি লওক...

শীতকালত কিয় হাৰ্ট এটাক হোৱাৰ আশংকা থাকে ?

হৃদৰোগ বিশেষজ্ঞৰ মতে, শীতকালীন পুৱাত হাৰ্ট এটাকৰ সম্ভাৱনা বেছি । আচলতে শীতকালত শৰীৰৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে, যাৰ বাবে তেজৰ সোঁতৰ বাট বহু পৰিমাণে কমি যায় । ইয়াৰ বাবে হৃদযন্ত্ৰৰ তেজ পাম্প কৰাত সমস্যা হয়, যাৰ বাবে ৰক্তচাপ বৃদ্ধি পায় । ৰক্তচাপ বৃদ্ধি পালে হৃদযন্ত্ৰৰ পেশীত অত্যধিক চাপ পৰে । যাৰ বাবে বুকুৰ বিষ বাঢ়ি যায় । বুকুৰ এই বিষক এঞ্জাইনা বুলি কোৱা হয় । ইয়াৰ ফলত হাৰ্ট এটেক হ’ব পাৰে ।

হাৰ্ট এটাকৰ সম্ভাৱনা কেনেকৈ কম কৰিব পাৰি ?

পুৱা সোনকালে উঠিব নালাগে

শীতকালৰ পুৱা ঠাণ্ডা যথেষ্ট বৃদ্ধি পায় আৰু বিচনাত শৰীৰ গৰম হৈ থাকে । এনে অৱস্থাত বিচনাৰ পৰা উঠি লগে লগে বাহিৰলৈ গ’লে শৰীৰৰ ৰক্তবাহী নলীবোৰ দ্ৰুতগতিত সংকুচিত হ’বলৈ আৰম্ভ কৰে । যিসকল লোকৰ ইতিমধ্যে হৃদযন্ত্ৰৰ কিছু সমস্যা আছে বা পৰিয়ালৰ কোনোবা এজনৰ এই সমস্যা আছে তেওঁলোকৰ বাবে ইয়াৰ আশংকা বেছি । সেয়েহে এনে লোকে সাৱধান হোৱা উচিত ।

পুৱা সাৰ পোৱাৰ পিচত কিছু সময় বিচনাতে বহি থাকিব লাগে

শীতকালত লগে লগে বিচনাৰ পৰা উঠি বাহিৰলৈ ওলাই যোৱাটো বিপদজনক হ’ব পাৰে । গতিকে পুৱা সাৰ পোৱাৰ পিচত কিছু সময় বিচনাতে বহি থাকিব লাগে । ইয়াৰ পিচত কোঠাটোৰ ভিতৰতে কিছুসময় খোজ কাঢ়িব লাগে । যাতে শৰীৰে পৰিৱেশৰ লগত নিজকে খাপ খুৱাব পাৰে । যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা কিছু কম হ’ব পাৰে ।

মৰ্নিং ৱাকলৈ যাওঁতে সাৱধান

পুৱা খোজ কঢ়াটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয় যদিও শীতকালত পুৱা সোনকালে সাৰ পাই খোজ কাঢ়িবলৈ যোৱাটো বিপদজনক হ’ব পাৰে । গতিকে শীতকালত মৃদু সূৰ্যৰ পোহৰৰ পিচতহে পুৱা খোজ কাঢ়িবলৈ যাব লাগে । ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে ।

অস্বীকাৰ: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ ল’ব ।

লগতে পঢ়ক: গৰুৰ গাখীৰ নে ম’হৰ গাখীৰ ? কোনটো স্বাস্থ্যকৰ আৰু উপকাৰী জানি লওক এই প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.