ETV Bharat / sukhibhava

দেশত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত শিশুৰ হাৰ ?

author img

By

Published : Apr 19, 2022, 1:55 PM IST

Updated : Apr 19, 2022, 4:08 PM IST

বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে, পাঠদান হৈ থকা বিদ্যালয়সমূহ, শিশুসকলৰ মাজত ক’ভিড-19 ৰ টীকাকৰণৰ নিম্ন হাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ক’ভিড-19 ৰ সজাগতাক লৈ কাণসাৰ নিদিয়াৰ বাবেই ভাৰতত কৰ’ণাত আক্ৰান্ত শিশুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে (Covid 19 cases increases among kids in India) ৷

Covid-19 cases among kid
ক’ভিড-19 ৰ ঘটনা কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে

ৰাজধানী নতুন দিল্লীৰ এন চি আৰ অঞ্চলৰ প্ৰায় 100 টা স্কুলীয়া শিশু বিগত কেইদিনমানত কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে । এপ্ৰিলত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পৰা গৌতম বুদ্ধ নগৰত প্ৰায় 59 গৰাকী আৰু গাজিয়াবাদৰ 22 খন বিদ্যালয়ৰ 32 গৰাকী শিক্ষাৰ্থী ক’ভিড-19 ত আক্ৰান্ত হৈছে ।

দিল্লীৰ কেইবাখনো বিদ্যালয়ত ক’ভিড-19 ৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে (Covid 19 cases increases among kids in India) ৷ শিশুসকলৰ উপৰিও শিক্ষকসকলো ক’ভিড-19 আক্ৰান্ত হৈছে ।

দিল্লী আৰু নয়ডাৰ স্বাস্থ্য বিভাগে বিদ্যালয়সমূহক ক'ভিড প্ৰট’কল কঠোৰভাৱে অনুসৰণ কৰিবলৈ আৰু ক’ভিড হেল্প ডেস্ক স্থাপন কৰিবলৈ নিৰ্দেশ দিছে । বিদ্যালয়ত এটাও যদি ক’ভিড-19 ৰ আক্ৰান্তৰ ঘটনা দৃষ্টিগোচৰ হয়, তেন্তে তৎক্ষণাত বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । অভিভাৱকসকলকো কৰ’ণাৰ সাধাৰণ লক্ষণ থকা শিশুক বিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷

"এই মূহুৰ্তত শিশুসকলৰ মাজত ক’ভিড-19 দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে ৷ বিশেষকৈ ৰাজধানী দিল্লীৰ এন চি আৰ অঞ্চলৰ শিশুসকল বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰে পৰা এই কথা দৃষ্টিগোচৰ হৈছে । তেওঁলোকক এতিয়ালৈকে টীকাকৰণ কৰা হোৱা নাই ৷ কিয়নো 12 বছৰৰ তলৰ বয়সৰ লোকসকলৰ বাবে ভেকচিন এতিয়াও উপলব্ধ হোৱা নাই ।

ইণ্ডিয়ান স্পাইনেল ইনজুৰিজ চেণ্টাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ কৰ্ণেল বিজয় দত্তই এনেদৰে জনায় । নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থত থকা এপ’ল’ চিকিৎসালয়ৰ পৰামৰ্শদাতা আৰু পেডিয়াট্ৰিক গেষ্ট্ৰ’ এণ্টেৰ’লজিষ্ট ডাঃ স্মিতা মালহোত্ৰাই এই সন্দৰ্ভত কয় যে, "সাৱধানতা অৱলম্বন নকৰিলে এই ধৰণে সংক্ৰমণ ঘটিয়েই থাকিব" ৷

শিশুৰ ক্ষেত্ৰত দেখা দিয়া কৰ’ণাৰ সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে সামান্য কাঁহ, চৰ্দি, জ্বৰ আৰু মূৰৰ বিষ । কিছুমান ক্ষেত্ৰত অৱশ্যে ডায়েৰীয়া আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণবোৰো দেখা দিব পাৰে (Symptoms of coronavirus in children) ।

ডাঃ স্মিতা মালহোত্ৰাই কৈছিল যে, এতিয়ালৈকে শিশুসকলৰ মাজত নিউমোনিয়াৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই । ইফালে ২,১৮৩ টা ক’ভিড-19 ৰ নতুন সংক্ৰমণৰ সৈতে ভাৰতত বিগত ২৪ ঘণ্টাত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৯০ শতাংশলৈ বৃদ্ধি পাইছে ৷

দ্বাৰকাৰ আকাশ হেলথ কেয়াৰৰ পেডিয়াট্ৰিক্স এণ্ড নিওনেট’লজীৰ পৰামৰ্শদাতা ডাঃ মীনা জেয়ে কয় যে, আক্ৰান্তৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য কৰিলে শীঘ্ৰে ইয়াক ক’ভিড-19 ৰ চতুৰ্থটো ঢৌ বুলিব পৰা যাব ৷

বিগত দুবছৰত শিশুৰ ক্ষেত্ৰত ক’ভিড আক্ৰান্তৰ হাৰ যথেষ্ট কম আছিল ৷ কিন্তু যোৱা বছৰ নৱেম্বৰৰ শেষৰফালে আৰম্ভ হোৱা অ’মিক্ৰণৰ ঢৌৱে শিশুৰ মাজত সংক্ৰমণ বৃদ্ধি কৰিছিল । শিশুসকল মুখ্যতঃ মাল্টিচিষ্টেম ইনফ্লেমেটৰী চিণ্ড্ৰম আৰু আপাৰ এয়াৰৱে’ ইনফেকচনৰ দ্বাৰা প্ৰভাৱিত হৈছিল ৷ যেনে (laryngotracheobronchitis) লেৰিংগ’ট্ৰাচিঅ'ব্ৰ’নচাইটিছ (সাধাৰণতে ক্ৰুপ বুলি জনা যায়), যাক জোৰকৈ কাঁহ মৰা আৰু ডাঙৰ শব্দেৰে উশাহ লোৱাৰ নিচিনা সংকেতৰ দ্বাৰা চিহ্নিত কৰা হয় ।

জে এ এম এ পেডিয়াট্ৰিক্সত প্ৰকাশিত শেহতীয়া এক অধ্যয়নত দেখুওৱা হৈছে যে, অ’মিক্ৰণ বৃদ্ধিৰ সময়ত আপাৰ এয়াৰৱে’ৰ সংক্ৰমণ বৃদ্ধি হয় । আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতো শিশু এইটো কাৰণত চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ তেওঁলোকৰ বাবে ভেণ্টিলেচনৰ প্ৰয়োজন হৈছিল ৷ লগতে ভেচ’প্ৰেচাৰ বা এক্সট্ৰাকৰ্প’ৰেল মেমব্ৰেন অক্সিজেন ইত্যাদি যন্ত্ৰৰ ব্যৱহাৰো বৃদ্ধি কৰা হৈছিল ৷ সেই সময়ত আনকি মৃত্যুৰ হাৰো বাঢ়িছিল ।

কল’ৰাডো আৰু উত্তৰ-পশ্চিমৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চলোৱা অধ্যয়নটোত দেখা গৈছে যে, শিশুসকলৰ সৰু আৰু তুলনামূলকভাৱে ভাঙি পৰা এয়াৰৱে’ বোৰে তেওঁলোকৰ আপাৰ এয়াৰৱে’ৰ সংক্ৰমণ যেনে ক্ৰুপৰ দৰে বেমাৰ বৃদ্ধি কৰে ৷ যি গুৰুতৰ হ'লে শিশুসকলৰ হৃদৰোগৰ সম্ভাৱনা থাকে ।

যিহেতু বৰ্তমানলৈকে 12 বছৰৰ তলৰ শিশুক টীকাকৰণ কৰা হোৱা নাই, সেয়েহে তেওঁলোকৰ ক’ভিডৰ আশংকা বৃদ্ধি পাইছে (Why are covid cases rising in india) । সেয়েহে সাৱধানতামূলক ব্যৱস্থা অনুসৰণ কৰা প্ৰয়োজন ৷ যাৰ ভিতৰত আছে সঘনাই হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধা- মালহোত্ৰাই এনেদৰে কয় ।

ভাৰত চৰকাৰে শিশুসকলৰ বাবে ইয়াৰ টীকাকৰণ কাৰ্যসূচীও ত্বৰান্বিত কৰা উচিত । বিদ্যালয়ত, শিশুসকলক হাঁচি আৰু কাঁহ অহাৰ সময়ত মুখ ঢাকি ৰখাৰ বাবে কিছুমান আচৰণ শিকোৱা উচিত । যেতিয়াই শিশুসকলৰ হাঁচি বা কাঁহৰ প্ৰৱণতা আহে, তেওঁলোকে তেওঁলোকৰ নাক-মুখ টিছুৰে ঢাকি তৎক্ষণাত সেয়া পেলাই দিব লাগে ৷ শিশুৰ মাজত বৰ্ধিত সংক্ৰমণ প্ৰতিহত কৰিবলৈ তেওঁলোকে নিয়মীয়াকৈ চাবোন আৰু এলকহল থকা চেনিটাইজাৰেৰে হাত ধুৱা উচিত বুলি চিকিৎসক গৰাকীয়ে ব্যক্ত কৰে ৷

লগতে পঢ়ক: আপোনাৰ আঁঠুৰ বিষ Arthritis ৰ লক্ষণ নেকি ?

Last Updated : Apr 19, 2022, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.