ETV Bharat / sukhibhava

Penile Fracture: পিনাইল ফ্ৰেক্সাৰ মানে কি ? পুৰুষসকলে নিশ্চয় ইয়াৰ বিষয়ে জনাটো উচিত

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 2:56 PM IST

যৌন সম্পৰ্ক স্থাপনৰ সময়ত গুপ্তাংগত আঘাত পোৱাৰ ফলত পিনাইল ফ্ৰেক্সাৰৰ সমস্যাই দেখা দিব পাৰে । এই সমস্যা কিয় হয়, তথা ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক...

Penile Fracture
পিনাইল ফ্ৰেক্সাৰ মানে কি ? পুৰুষসকলে নিশ্চয় ইয়াৰ বিষয়ে জনাটো উচিত

শৰীৰত আঘাত পোৱাৰ বাবে বা খেলাৰ সময়ত পোৱা আঘাতৰ বাবে কেতিয়াবা ফ্ৰেক্সাৰ হ’ব পাৰে ৷ অধিকাংশ লোকৰ মাজতে হাত-ভৰি ফ্ৰেক্সাৰ হোৱা বা ফাঁটি যোৱাৰ সমস্যাই দেখা দিয়ে ৷ সাধাৰণতে এই সমস্যা কেৱল বাহিৰৰ কাম-কাজৰ সময়তহে হোৱা দেখা যায় ৷ কিন্তু আপুনি জানেনে যে পুৰুষসকলৰ ক্ষেত্ৰত সদায় শৰীৰৰ এনে এটি স্থানত ফ্ৰেক্সাৰ হোৱাৰ আশংকা থাকে, যাৰ বাবে পুৰুষসকলে ভৱিষ্যতে বহু গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷

এই ফ্ৰেক্সাৰৰ বিষয়ে পুৰুষসকলে আৰম্ভণিৰ পৰাই সচেতন হোৱাটো খুবেই প্ৰয়োজনীয় ৷ আমি ক’বলৈ ওলাইছো পুৰুষৰ গুপ্তাংগ ফাঁটি যোৱাৰ সমস্যা অৰ্থাৎ পিনাইল ফ্ৰেক্সাৰৰ বিষয়ে ৷ লিংগ ফাঁটি যোৱাৰ সমস্যাক পিনাইল ফ্ৰেক্সাৰ (penile fracture) বুলি কোৱা হয় ৷ সাধাৰণতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত এই ধৰণৰ ফ্ৰেক্সাৰৰ আশংকা সৰ্বাধিক হোৱা দেখা যায় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনত পিনাইল ফ্ৰেক্সাৰ কি তথা ইয়াৰ লক্ষণসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷

পিনাইল ফ্ৰেক্সাৰ কি ?

পুৰুষৰ গুপ্তাংগত পোৱা গুৰুতৰ আঘাতক পিনাইল ফ্ৰেক্সাৰ বা লিংগ ফাঁটি যোৱা বুলি কোৱা হয় ৷ এই অৱস্থাৰ লক্ষণসমূহক পুৰুষসকলে আৰম্ভণিতে আওকাণ কৰাৰ ফলত পুৰুষে ভৱিষ্যতে বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ এই অৱস্থাক পিনাইল ফ্ৰেক্সাৰ আৰু Broken Penis আদি নামেৰে জনা যায় ৷ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত লিংগ ফাঁটি যোৱাৰ আশংকা অধিক ৷

ইফালে এই সন্দৰ্ভত নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটি ভিডিঅ’ শ্বেয়াৰ কৰি খাদ্য, জীৱনশৈলী আৰু সুস্থতা বিশেষজ্ঞ এমবিবিএছ ডাঃ সিদ্ধান্ত ভাৰ্গৱে জনাইছে যে, পিনাইল ফ্ৰেক্সাৰত পুৰুষৰ লিংগত উপস্থিত লিংগ খাদৰ (penile shaft) ওচৰত উপস্থিত মেমব্ৰেনাছৰ আৱৰণ ভাঙি যায় ৷ এই অৱস্থাত তীব্ৰ বিষো হ’ব পাৰে ৷ লিংগ ফাঁটি যোৱাৰ বাবে পুৰুষৰ যৌন জীৱনো নষ্ট হোৱাৰ আশংকা থাকে ৷

পিনাইল ফ্ৰেক্সাৰৰ লক্ষণ

যৌন সম্পৰ্কৰ সময়ত পিনাইল ফ্ৰেক্সাৰৰ আশংকা সৰ্বাধিক ৷ এনে অৱস্থাত আপোনাৰ লিংগত তীব্ৰ বিষ আৰু প্ৰদাহৰ সমস্যা হোৱা দেখা যায় ৷ পিনাইল ফ্ৰেক্সাৰৰ কিছুমান প্ৰধান লক্ষণ হ’ল-

  1. বিষ আৰু ফুলা
  2. ৰক্তক্ষৰণ
  3. প্ৰস্ৰাৱ কৰাৰ সময়ত তেজ নিৰ্গত হোৱা
  4. ইৰেকচন হেৰুৱাই পেলোৱা
  5. প্ৰস্ৰাৱ কৰাত সমস্যা

পিনাইল ফ্ৰেক্সাৰ কিয় হয় ?

যৌন সম্পৰ্ক স্থাপনৰ সময়ত লিংগ ফাঁটি যোৱাৰ আশংকা সৰ্বাধিক ৷ এই সময়ত উত্তেজিত হ’লে মানুহ অস্বাভাৱিক অৱস্থাত পৰে আৰু ইয়াৰ বাবেই লিংগৰ ক্ষতি হোৱাৰ আশংকা থাকে ৷ এই সময়ছোৱাত আঘাত পালে পুৰুষৰ কলাবোৰৰ ক্ষতি হয় আৰু আপুনি তীব্ৰ বিষ অনুভৱ কৰিব পাৰে ৷

পিনাইল ফ্ৰেক্সাৰৰ চিকিৎসা

ডাঃ সিদ্ধান্ত ভাৰ্গৱে জনাইছে যে, লিংগ ফাঁটিলে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় ৷ এই সমস্যাক আওকাণ কৰিলে আপোনাৰ বহুতো গুৰুতৰ সমস্যা হ’ব পাৰে ৷ সঠিক সময়ত চিকিৎসা নোলোৱাৰ বাবে ইৰেক্টিল ডিছফংচন হোৱাৰ আশংকা থাকে ৷ এই ৰোগৰ চিকিৎসা ঔষধ আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয় ৷ যদি আপুনি ওপৰত উল্লেখিত পিনাইল ফ্ৰেক্সাৰৰ লক্ষণ দেখা পাইছে তেন্তে প্ৰথমে বৰফ বা বৰফৰ টোপোলা লগাব লাগে ৷ ইয়াৰ বাহিৰেও লক্ষণ দেখাৰ লগে লগে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা সম্পূৰ্ণ কৰিলে আপুনি ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় ৷

লগতে পঢ়ক: Vastu tips: এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি কি হ'ব পাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.