ETV Bharat / sukhibhava

কি হয় চি অ’ পি ডি ৰোগ ? ইয়াৰ লক্ষণ, কাৰণ তথা প্ৰতিৰোধৰ ব্যৱস্থা জানি লওক - COPD

COPD: ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজে এগৰাকী ব্যক্তিৰ হাওঁফাওঁক সংক্ৰমিত কৰি উশাহ-নিশাহ লোৱাত অসুবিধা আৰু বুকুখন টান হোৱাৰ দৰে গুৰুতৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে । সেয়ে এই ৰোগৰ কাৰণ, লক্ষণ তথা প্ৰতি

What is COPD disease? Know its symptoms, causes and prevention measures
কি হয় চি অ’ পি ডি ৰোগ ? ইয়াৰ লক্ষণ, কাৰণ তথা প্ৰতিৰোধৰ ব্যৱস্থা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:17 PM IST

ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চি অ’ পি ডি আচলতে হাওঁফাওঁৰ এক গুৰুতৰ সমস্যা, য’ত হাওঁফাওঁৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে ৷ এইটো এটা দীৰ্ঘদিনীয়া সমস্যা যাৰ তীব্ৰতা সময়ৰ লগে লগে বাঢ়ি যায় ৷ ইয়াৰ কাৰণে হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

যিসকল লোকে অধিক ধূমপান কৰে, এনেকুৱা স্থানত কাম কৰে য’ত বায়ু প্ৰদূষণ বেছি, বা যিকোনো কাৰণত দীৰ্ঘদিন ধৰি ধূমপানৰ সংস্পৰ্শত থাকে, তেওঁলোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি ৷ এই ৰোগৰ নিদানৰ কথা ক’বলৈ গ’লে, যদিহে ইয়াৰ আৰম্ভণিতে ধৰা পৰে আৰু সময়মতে চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিব পাৰে ৷ কিন্তু এই ৰোগ নিৰ্ণয় কৰা আৰু চিকিৎসাত পলম কৰিলে হয়তো এই ৰোগ নিৰাময়ৰ সম্ভাৱনা হ্ৰাস হোৱাই নহয়, ভুক্তভোগীৰ আন বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে ৷ একে সময়তে ইয়াৰ বাবে মৃত্যুৰ আশংকাও বাঢ়ি যায় ৷

চি অ’ পি ডিৰ লক্ষণ

চি অ’ পি ডিৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল- কাহ, ডিঙিত শ্লেষ্মা আবদ্ধ হৈ পৰা, বুকু টান মাৰি ধৰা যেন অনুভৱ কৰা আৰু অশান্তি অনুভৱ কৰা ইত্যাদি ৷ এই লক্ষণসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে-

  • লঘু শাৰীৰিক কাৰ্যকলাপৰ পিছতো উশাহ লোৱাত অসুবিধা ৷
  • বুকু টান মাৰি ধৰা যেন অনুভৱ কৰা আৰু উশাহ লওঁতে শব্দ হোৱা ৷
  • সঘনাই কাহ, ফ্লু আৰু শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হোৱা ৷
  • সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা ৷
  • গুৰুতৰ ক্ষেত্ৰত ভৰি আৰু ভৰিৰ আঙুলি ফুলা আৰু দ্ৰুতগতিত ওজন কমি যোৱা ৷

চি অ’ পি ডি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

চি অ’ পি ডিৰ কোনো পৰীক্ষা বা নিদান উপলব্ধ নহয় ৷ লক্ষণসমূহ চাইহে এই কথা অনুমান কৰিব পাৰি, গতিকে চি অ’ পি ডিৰ দৰে লক্ষণ দেখাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

  • যদি আপোনাৰ ধূমপানৰ অভ্যাস আছে বা আগতে কেতিয়াবা ধূমপান কৰিছে ৷
  • পৰিয়ালটোৰ কোনোবা এজন চি অ’ পি ডি ৰোগত আক্ৰান্ত ৷
  • হাঁপানী বা যিকোনো ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত ৷
  • দীৰ্ঘদিনীয়া কাহ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাটো আওকাণ কৰিব নালাগে, কিয়নো এইবোৰ চি অ’ পি ডিৰ দৰে গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে ৷ এনে পৰিস্থিতিত তৎক্ষণাত এজন ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ৷

লগতে পঢ়ক: কি হয় হাৰ্ট ভালভৰ ৰোগ ? কেনেকৈ প্ৰতিৰোধ কৰিব এই ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.