ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ বহুতেই ফেচ মাস্ক ব্যৱহাৰ কৰে ৷ কেৱল মুখখনক হাইড্ৰেটড কৰি ৰখাই নহয়, ছালখনক সকলো ফালৰ পৰাই পুষ্টি দিয়ে ফেচ মাস্কে ৷ সেয়েহে অভিনেত্ৰীসকলৰ বাবেও ফেচ মাস্ক প্ৰথম পছন্দৰ প্ৰসাধন ৷ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সোণম কাপুৰেও ছালৰ যত্নৰ ৰুটিনত ফেচ মাস্ক অন্তৰ্ভূক্ত কৰে ৷ কিন্তু কোনো দিনেই বজাৰৰ পৰা অনা ফেচ মাস্ক ব্যৱহাৰ নকৰে সোণম কাপুৰে ৷ হয়, ব্যয়বহুল প্ৰসাধন সামগ্ৰীৰ বিপৰীতে সোণমে সদায় ঘৰুৱা প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰী ফেচ মাস্ক ব্যৱহাৰ কৰে ৷ সোণমে ছালত কি ফেচ মাস্ক ব্যৱহাৰ কৰি বলীউডত জিলিকি আছে, আজি সেই বিষয়ে জানো আহক-
বেচনৰ ফেচ মাস্ক
সোণম কাপুৰে ছালক টান আৰু অতিৰিক্ত আৰ্দ্ৰতা দিবলৈ ঘৰত তৈয়াৰ কৰা বেচনৰ ফেচ মাস্ক ব্যৱহাৰ কৰে ৷ বেচনৰ সৈতে ঘৰত উপলব্ধ হালধি, গোলাপ গোলাপ জল, গাখীৰ আৰু চন্দনৰ গুৰি মিহলি কৰি এই ফেচ মাস্কটো তৈয়াৰ কৰা হয় ৷ এই ফেচ মাস্কটো মুখত লগাই শুকালে ধুই দিব লাগে ৷ অভিনেত্ৰীগৰাকীৰ মতে, এই ফেচ মাস্কটো সৰ্বশ্ৰেষ্ঠ স্ক্ৰাব, যাক যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি ৷
মুলতানি মাটিৰ ফেচ মাস্ক
সোণম কাপুৰে বেচনৰ উপৰিও মুখত মুলতানি মাটি প্ৰয়োগ কৰে ৷ ইয়াৰ শীতল প্ৰভাৱে কেৱল ছালক শিথিল কৰাই নহয়, মুখৰ দাগো আঁতৰ কৰে ৷ কেৱল মুখতেই নহয়, গা ধোৱাৰ সময়ত সোণমে পিঠি আৰু পেটতো মুলতানি মাটি ব্যৱহাৰ কৰে ৷ ই যথেষ্ট কাৰ্যকৰী ৷
অভিনেত্ৰীগৰাকীৰ মতে, সদায় ঘৰুৱা সামগ্ৰীৰেই সৌন্দয্য-চৰ্চা কৰিব লাগে ৷ ইয়াৰ পৰা ছালৰ কোনো ক্ষতি নহয় ৷ কিন্তু বজাৰত উপলব্ধ যিকোনো প্ৰসাধনতে ৰাসায়নিক সামগ্ৰী থাকে ৷ যিবোৰ ছালৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ সেয়েহে তেওঁ অনুৰাগীসকলকো প্ৰকৃতিক সামগ্ৰীৰে সৌন্দয্য-চৰ্চা কৰাৰ পৰামৰ্শ দিয়ে ৷