ETV Bharat / sukhibhava

High BP: ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? তেন্তে প্ৰতিদিনে পুৱা কৰক এই ৪টা কাম

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 5:03 PM IST

কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বতেই উচ্চ ৰক্তচাপৰ সমস্যাৰ সৈতে যুঁজি আছে বহুলোক ৷ যদি ইয়াক সময় থাকোতেই নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ই হৃদৰোগৰো কাৰণ হ’ব পাৰে ।

Want to control blood pressure? So do these 4 things every morning
ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? তেন্তে প্ৰতিদিনে পুৱা কৰক এই ৪টা কাম

উচ্চ ৰক্তচাপ এক বিপদজনক শাৰীৰিক ব্যাধি যাক Hypertension বুলিও কোৱা হয় ৷ এই অৱস্থাত ধমনীত থকা তেজে অত্যধিক চাপ প্ৰয়োগ কৰে, যাৰ ফলত Cardiovascular Systemৰ অংশ টানিবলৈ আৰম্ভ কৰে আৰু বহু ৰোগৰ আশংকা বৃদ্ধি পায়, য’ত হৃদৰোগ, বৃক্কৰ ৰোগ আৰু ষ্ট্ৰোক আদি অন্যতম ৷ অৱশ্যে পুৱাৰ ভাগত কিছুমান অভ্যাস মানি চলিলে বি পি নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ তেনেস্থলত আপুনি কি কৰিব লাগে জানি লওক-

বি পি নিয়ন্ত্ৰণ কৰিবলৈ পুৱাৰ ভাগত কি কৰিব লাগে ?

১) পুৱা টোপনিৰ পৰা উঠাৰ সময় নিৰ্ধাৰণ কৰক

যদি আপুনি টোপনিৰ সময় নিৰ্ধাৰণ কৰাৰ লগতে পুৱা সাৰ পোৱাৰ সময় নিৰ্ধাৰণ কৰে আৰু সেইটো বজাই ৰাখে, তেন্তে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব আৰু মানসিক চাপো হ্ৰাস হ’ব, কিন্তু যদি আপুনি এই নিয়ম পালন নকৰে তেন্তে এই সমস্যা বৃদ্ধি পাব পাৰে ৷

২) এগিলাচ পানী খাব লাগে

এগিলাচ পানী খাই দিনটোৰ আৰম্ভণি কৰক ৷ হাইড্ৰেটেড হৈ থাকিলে তেজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় হয়, যাৰ ফলত ৰক্তচাপ হ্ৰাস পাব পাৰে ৷ পানীৰ সোৱাদ আৰু পুষ্টিকৰ উপাদান আৰু অধিক বৃদ্ধি কৰিবলৈ ইয়াত নেমু ৰস আৰু মৌ অন্তৰ্ভুক্ত কৰিব পাৰে ৷

৩) ব্যায়াম কৰক

প্ৰতি সপ্তাহত কমেও ১৫০ মিনিটৰ বাবে দ্ৰুত খোজ কঢ়া, জগিং, চাইকেল চলোৱা, সাঁতোৰ বা আন যিকোনো এৰোবিক ব্যায়ামৰ দৰে শাৰীৰিক কাৰ্যকলাপত লিপ্ত হ’লে ৰক্তচাপ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে ৷ পুৱা ব্যায়াম কৰিবলৈ অতি উত্তম সময় ৷

৪) চাহ বা কফি গ্ৰহণ নকৰিব

আমাৰ মাজৰ বহুলোকেই পুৱাৰ আৰম্ভণিতে চাহ-কফিৰ দৰে পানীয় গ্ৰহণ কৰে ৷ কিন্তু ইয়াত কেফেইন প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ কাৰণে হঠাৎ ৰক্তচাপ বাঢ়ি যায় ৷ সেয়ে পুৱা এনে পানীয় সেৱন নকৰাই আপোনাৰ স্বাস্থ্যৰ পক্ষে উত্তম ৷

লগতে পঢ়ক: Shankh Benefits: দৈনিক শংখ বজালে দূৰ হ’ব আপোনাৰ বহু ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.