আমি সদায় আমাৰ পুৱাৰ আৰম্ভণি একাপ চাহৰ সৈতে কৰো । কিন্তু ইয়াৰ লগতে কিছু স্বাস্থ্যকৰ ব্ৰেকফাষ্টো প্ৰয়োজনীয় । ব্ৰেকফাষ্টো এনেকুৱা হ’ব লাগে যাতে ইয়াক সোনকালে বনাব পৰা যায় আৰু ইয়াৰ বাবে বিশেষ কষ্টৰ প্ৰয়োজন নহয় । গতিকে এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে লৈ আহিছো দেশী ভাৰতীয় খাদ্য যিটো বেছিভাগ ঘৰতে বনোৱা দেখা গৈছে । এইটো হৈছে Sandwich । হয়, এতিয়া পুৱা ব্ৰেকফাষ্টৰ টেনচন ল’ব নালাগে । কাৰণ ব্ৰেকফাষ্টত সহজেই কুইক ভেজ Sandwich আপুনি ঘৰতে তৈয়াৰ কৰিব পাৰে । ইয়াৰ ৰেচিপি জানো আহক...
ভেজি Sandwichৰ বাবে উপাদান-
এইটো বনাবলৈ ৪ৰ পৰা ৬ টুকুৰা ৰুটি, এটা পিঁয়াজ - ১টা কটা, সেউজীয়া শাক-পাচলি - ১ কাপ কটা, মেয়নেজ - ২ চামুচ, নিমখ - ১/২ চামুচ, পদিনা পাত - ১ চামুচ, আলু ৪ৰ পৰা ৫ উতলাব লাগে
ভেজি Sandwich তৈয়াৰৰ পদ্ধতি-
১) veg sandwich বনাবলৈ প্ৰথমে আলু উতলাব লাগিব ।
২) ইয়াৰ পিছত আলু গুড়ি কৰি তাত পাতল নিমখ আৰু মছলা জিৰা আৰু ধনীয়া দিব । তাৰ পিছত তাত কটা ধনীয়া আৰু সেউজীয়া মৰিচা দিব ।
৩) এতিয়া ৰুটিৰ টুকুৰা এটা লৈ তাৰ ওপৰত আলুৰ মিশ্ৰণ মেলি দিব ।
৪) ৰুটিত আলু লগোৱাৰ পিছত তাৰ ওপৰত কটা পিঁয়াজ আৰু বিলাহী লগাব ।
৫) এতিয়া ইচ্ছা কৰিলে মেয়নিজ বা চীজ লগাব পাৰে ।
৬) ইচ্ছা কৰিলে সেউজীয়া চাটনি বা ৰঙা চাটনিও ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ফলত sandwichটো বৰ সোৱাদযুক্ত হয় ।
৭) শেষত চেণ্ডুইচত পদিনা পাত লগাই ওপৰৰ পৰা আৰু এটা ৰুটিৰ টুকুৰা টিপি দিব ।
৮) এতিয়া গ্ৰীডলত ঘিউ বা মাখন লগাই এই sandwichটো দুয়োফালে ভালদৰে বেক কৰক ।
৯) আপোনাৰ দ্ৰুত সোৱাদযুক্ত Sandwich ৰেডি । গৰম চাটনিৰ সৈতে পৰিবেশন ।