বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বত বহুলোকেই ষ্ট্ৰ’কৰ ফলত মৃত্যুৰ মুখত পৰিবলগীয়া হয় ৷ শেহতীয়া কৰা এক গৱেষণা অনুসৰি, ষ্ট্ৰ’কৰ ফলত ২০৫০ চনৰ ভিতৰত বছৰত ১০ নিযুত লোকৰ মৃত্যুৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ ষ্ট্ৰ’ক হৈছে এনে এক বিপদজনক ৰোগ, য'ত মস্তিষ্কৰ কোষবোৰলৈ তেজৰ যোগান বন্ধ হয় ৷ যাৰ ফলত মস্তিকৰ কোষবোৰে সম্পূৰ্ণ পৰিমাণৰ অক্সিজেন লাভ নকৰি মৰিবলৈ আৰম্ভ কৰে ৷ অক্সিজেনৰ অভাৱৰ বাবে মগজুত ৰক্তক্ষৰণ বা ধমনী অৱৰুদ্ধ হৈ পৰে ৷
গৱেষণাটোৱে ২০২০ ৰ পৰা ২০৫০ চনৰ ভিতৰত ষ্ট্ৰ’কৰ ফলত বৰ্ধিত স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰভাৱৰ আকলন কৰিছে ৷ গৱেষণাৰ প্ৰতিবেদন অনুসৰি, ২০৫০ চনলৈ ষ্ট্ৰ’কৰ ফলত হোৱা মৃত্যু ৯১% লৈ বৃদ্ধি হ'ব ৷ এই ভয়াৱহ ৰোগ ষ্ট্ৰ’কৰ বাবে প্ৰকৃততে কোনবোৰ কাৰণ দায়ী, আজি সেই বিষয়ে জানো আহক-
দুৰ্বল জীৱনশৈলী
অফিচৰ নিৰ্দ্দিষ্ট এটা ঠাইত দীঘলীয়া সময় ধৰি বহি কাম কৰি থাকিলে এই ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি হ'ব পাৰে ৷ নিয়মীয়াকৈ ব্যায়াম নকৰাটোও ষ্ট্ৰ’কৰ এক অন্যতম কাৰণ ৷ আনহাতে, মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিচৰ দৰে ৰোগেও ষ্ট্ৰ’ক আশংকা বহু পৰিমাণে বৃদ্ধি কৰে ৷
ধপাত-সুৰা সেৱন
ধূমপান আৰু অত্যাধিক সুৰাপানেও ষ্ট্ৰ’কৰ সমস্যা বৃদ্ধি কৰে ৷ ধঁপাতৰ ফলত ৰক্তনলী ক্ষতিগ্ৰস্ত হয় ৷ আনহাতে, অত্যাধিক সুৰাপান কৰিলে উচ্চ ৰক্তচাপ হয় ৷ যাৰ ফলত হৃদস্পন্দনৰ হাৰ অনিয়মীয়া হ'ব পাৰে ৷
টোপনিৰ অভাৱ
ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকেই ভালদৰে শুব নোৱাৰে ৷ টোপনিৰ অভাৱৰ বাবে মেদবহুলতা, ডায়েবেটিচ আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি হয়, যি ষ্ট্ৰ’কৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে ৷
চাপ বৃদ্ধি
বৰ্ধিত চাপৰ ফলত বহুতো সমস্যা বৃদ্ধি পাইছে ৷ দীৰ্ঘম্যাদী চাপৰ বাবে অধিকাংশ লোক ধূমপান আৰু অত্যাধিক খোৱাৰ দৰে অভ্যাসৰ প্ৰতি আসক্ত হৈ পৰিছে ৷ যিয়ে উচ্চ ৰক্তচাপ ৰোগৰ জন্ম দিয়ে ৷ এনে পৰিস্থিতিত ই ষ্ট্ৰ’কৰো অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৷
বৰ্ধিত প্ৰদূষণ
বৰ্ধিত প্ৰদূষণো ষ্ট্ৰ’ক হোৱাৰ অন্যতম মুখ্য কাৰণ ৷ ধোঁৱা, গাড়ী তথা কাৰখানাৰ সূক্ষ্ম কণাৰ দৰে পদাৰ্থ শৰীৰত প্ৰৱেশ কৰাৰ ফলত শৰীৰত প্ৰদাহ হয়, যিয়ে ষ্ট্ৰ’কৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে ৷
অস্বাস্থ্যকৰ আহাৰ
অত্যাধিক ফাষ্ট ফুড, সংসাধিত আহাৰ আৰু উচ্চ চেনীযুক্ত খাদ্য সেৱনেও স্বাস্থ্যৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায় ৷ সংসাধিত খাদ্যত নিমখৰ পৰিমাণ যথেষ্ট বেছিকৈ থাকে ৷ তদুপৰি, সংপৃক্ত চৰ্বি আৰু ট্ৰেন্স চৰ্বিয়ে উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে ৷ এই দুয়োটাকে ষ্ট্ৰ’কৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয় ৷
বিশেষজ্ঞসকলৰ মতে, যদি শৰীৰত ষ্ট্ৰ’কৰ কোনো লক্ষণে দেখা দিয়ে, তেন্তে ইয়াক উপেক্ষা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগ সময়মতে নিয়ন্ত্ৰণ কৰি আপুনি ষ্ট্ৰ’কৰ পৰা বাচি থাকিব পাৰে ৷
লগতে পঢ়ক: Sneezing : সঘনাই অহা হাঁচিয়ে আপোনাক আমনি কৰিছে নেকি ? তেন্তে কামত আহিব এই উপায়