ETV Bharat / sukhibhava

Raisin water: বহু মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে কিচমিচৰ পানীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:06 PM IST

বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ কিচমিচে আমাৰ শৰীৰক বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে । কেৱল কিচমিচেই নহয়, ইয়াৰ পানীকো স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয় । কিচমিচ পানী খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

Raisin water can control many dangerous diseases
বহু মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে কিচমিচৰ পানীয়ে

শুকান ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ দৈনিক শুকান ফল খাই আপুনি আপোনাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰে । শুকান ফলৰ ভিতৰত এবিধ অতি গুণকাৰী ফল হৈছে কিচমিচ । বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ কিচমিচে আমাৰ শৰীৰক বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে । কেৱল কিচমিচেই নহয়, ইয়াৰ পানীকো স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয় । কিচমিচ পানী খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

ডায়েবেটিচ নিয়ন্ত্ৰণ

এই পানী খাই আপুনি ডায়েবেটিচৰ দৰে বিপদজনক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ ইয়াত বহুপ্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

শৰীৰ ডিটক্স

ইয়াত এণ্টিঅক্সিডেণ্টৰ বহুতো যৌগ থাকে, যিয়ে শৰীৰৰ পৰা মুক্ত ৰেডিকেল আঁতৰ কৰে ৷ দৈনিক এই পানী খালে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ ওলাই শৰীৰটোক পৰিস্কাৰ কৰে ।

দুৰ্বলতা দূৰ

বিশেষজ্ঞসকলৰ মতে, কিচমিচ পানী বহু পুষ্টিৰে সমৃদ্ধ ৷ যিয়ে শৰীৰক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে ৷ ইয়াত থকা আইৰণে শৰীৰৰ দুৰ্বলতা আঁতৰ কৰে আৰু আমাক শক্তিশালী কৰি ৰাখে ৷

হজম শক্তিশালী

এই পানী খালে পাচন তন্ত্ৰও শক্তিশালী হয় ৷ এই পানী পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত যথেষ্ট পৰিমাণে আঁহ থকাৰ বাবে ই খাদ্য খুব ভালদৰে হজম কৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কিচমিচৰ পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ ইয়াত পোৱা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰে ৷বহুতো গৱেষণাতো এয়া ইতিমধ্যে প্ৰমাণিত হৈছে ।

ওজন হ্ৰাস

এই পানীয়ে ওজন হ্ৰাস কৰাতো সহায় কৰে ৷ গৱেষণা অনুসৰি, কিচমিচত আহাৰৰ আঁহ আৰু প্ৰাকজৈৱিক থাকে ৷ এই দুয়োটা উপাদানে ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে পাকস্থলীত ভাল আৰু স্বাস্থ্যকৰ বেক্টেৰিয়া সৃষ্টি কৰাত সহায় কৰে ৷

ইয়াক কেনেদৰে গ্ৰহণ কৰিব ?

ৰাতি এগিলাচ গৰম পানীত কেইটামান কিচমিচ তিয়াই থ’ব আৰু পুৱা এই পানীখিনি গৰম কৰি খাব । পুৱাই নহয়, আপুনি যিকোনো সময়তে এই পানী খাব পাৰে ৷ অৱশ্যে, দুপৰীয়াৰ আহাৰৰ আগতে ইয়াক সেৱন কৰাটো বেছি উপকাৰী বুলি বিবেচনা কৰা হয় ৷

লগতে পঢ়ক: Early Aging: মিঠা আলুত থকা বিটা কেৰটিনে দূৰ কৰিব মুখমণ্ডলৰ বাৰ্ধক্যতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.