ETV Bharat / sukhibhava

Pre marriage counselling benefits: উন্নত বিবাহিত সম্পৰ্কৰ ভেটি স্থাপনত সহায়ক হ’ব পাৰে প্ৰি-মেৰিজ কাউন্সেলিং - প্ৰি মেৰিজ কাউন্সেলিংগ কৰ্’চ

পৰামৰ্শদাতা স্নেহা আলঘে উল্লেখ কৰিছে যে বিবাহৰ পিছত পাৰস্পৰিক সম্প্ৰীতি স্থাপন, সংগীক বুজি পোৱা আৰু বিবাহৰ পিছত আহিব পৰা অন্যান্য সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৱী স্বামী আৰু পত্নী দুয়োকে মানসিকভাৱে প্ৰস্তুত কৰাৰ লক্ষ্যৰে আজিকালি প্ৰি-মেৰিজ কাউন্সেলিং প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে (Pre marriage counselling benefits)। প্ৰি-মেৰিজ কাউন্সেলিংৰ ওপৰত ইটিভি ভাৰত সুখীভৱৰ বিশেষ প্ৰতিবেদন পঢ়ক...

Pre marriage counselling benefits
প্ৰি-মেৰিজ কাউন্সেলিংগ
author img

By

Published : Apr 6, 2022, 8:33 PM IST

পৰিৱৰ্তনশীল সময়ৰ সৈতে বিবাহ আৰু বিবাহৰ সৈতে সম্পৰ্কিত দায়িত্ব সম্পৰ্কে সাধাৰণ লোকসকলৰ সামাজিক আৰু ব্যৱহাৰিক চিন্তাধাৰাৰ যথেষ্ট পৰিৱৰ্তন হৈছে । পূৰ্বতে বিবাহক 'এডজাষ্টমেণ্ট'ৰ আন এটা নাম বুলি গণ্য কৰা হৈছিল । কিন্তু আজিৰ প্ৰজন্মই বিবাহ সম্পৰ্কে অন্য ধাৰণা ৰখাৰ লগতে বহুখিনি আশাও কৰে আৰু যদি কথাবোৰ তেওঁলোকে ভবা ধৰণে হৈ নুঠে তেতিয়া ই বিবাহত বিবাদ আৰু সমস্যাৰ সৃষ্টি কৰে । পৰিসংখ্যা অনুসৰি বিগত কেইবছৰমানত বিবাহ বিচ্ছেদৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে ।

উদ্বেগজনক কথাটো হ'ল অতি কম সময়ৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । সেই দিশলৈ লক্ষ্য ৰাখিয়েই আজিকালি বিবাহৰ আগতে সম্ভাৱ্য দম্পতীক মানসিকভাৱে বিবাহৰ বাবে প্ৰস্তুত কৰাৰ অৰ্থে প্ৰি-মেৰিজ কাউন্সেলিঙৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে (Pre marriage counselling sessions) ।

পৰামৰ্শদাতাই আঙুলিয়াই দি উল্লেখ কৰিছে যে বৰ্তমান সময়ত বিবাহৰ বিষয়ে যুৱপ্ৰজন্মৰ চিন্তাধাৰাত যথেষ্ট পৰিৱৰ্তন আহিছে । আজিৰ পৃথিৱীত পুৰুষ মহিলা উভয়েই কৰ্মমুখী হৈছে । উপাৰ্জন দুয়োজনেই কৰে; কিন্তু যেতিয়াই ঘৰৰ দায়িত্বৰ কথা আহে, বেছিভাগ মহিলাই ইয়াক মূৰ পাতি ল’বলগীয়া হয় । কেৱল এয়াই নহয়, শিশু থাকিলে শিশুৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ দায়িত্বও বহুক্ষেত্ৰত মহিলা গৰাকীয়েই গ্ৰহণ কৰে । এইবোৰৰ বাহিৰেও আন বহুতো কাৰক আছে যিয়ে বিবাহত সমস্যাৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত প্ৰি-মেৰিজ কাউন্সেলিং পুৰুষ আৰু মহিলা দুয়োৰে বাবে এক মাধ্যম হ'ব পাৰে, যাৰ জৰিয়তে তেওঁলোকে বিবাহৰ আগতেই বিভিন্ন বিষয়ত ইজনে সিজনৰ চিন্তা আৰু পছন্দ ভালদৰে বুজি উঠিবলৈ সক্ষম হ’ব পাৰে, যিয়ে তেওঁলোকৰ মাজত সামঞ্জস্য বৰ্তাই ৰখাত সহায় কৰিব পাৰে (Pre marriage counselling benefits) ।

তেওঁ আঙুলিয়াই দিয়ে যে যদিও উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মাজত প্ৰি-মেৰিজ কাউন্সেলিং বেছিকৈ প্ৰচলিত ৷ তথাপি আজিকালি সমাজৰ প্ৰতিটো শ্ৰেণীৰ যুৱক-যুৱতীৰ মাজত ই বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে (Pre marriage counselling course) । এইটো দৰাচলতে এক প্ৰকাৰৰ দম্পতি চিকিৎসা (couple therapy), য'ত বিবাহৰ পিছত আহিব পৰা সকলো সমস্যাৰ বিষয়ে মুখামুখিকৈ আলোচনা কৰা হয় । একে সময়তে, এজনে আনজনৰ আচৰণ আৰু দুৰ্বলতাবোৰ জানিবলৈ সুবিধা হয় । যেতিয়া পৰামৰ্শদাতাৰ সন্মুখত বিভিন্ন বিষয়ত বিতংভাৱে আলোচনা কৰা হয়, তেওঁৰ পৰামৰ্শই যিকোনো ধৰণৰ সন্দেহ বা অস্বস্তি আঁতৰ কৰাত যথেষ্ট সহায় কৰিব পাৰে ।

পৰামৰ্শদাতা গৰাকীয়ে আঙুলিয়াই দিয়ে যে বিবাহৰ পূৰ্বৰ পৰামৰ্শ বিভিন্ন ধৰণে লাভজনক হ'ব পাৰে । এই কাউন্সেলিঙৰ সময়ত দুয়োৰে মাজত ভাল যোগাযোগ স্থাপন হয় । পৰামৰ্শৰ সহায়ত, সম্ভাৱ্য দম্পতীয়ে তেওঁলোকৰ সংগীৰ সৈতে বহুতো অকথিত বস্তুৰ বিষয়ে কথা পাতিবলৈ সক্ষম হয় । এইটোৱে দুয়োৰে মাজৰ সম্পৰ্ক উন্নত কৰে আৰু সম্পৰ্কত ইতিবাচকতা অনাত সহায় কৰে । ই ভৱিষ্যতে বহুতো সমস্যা সমাধান কৰাত সহায় কৰে । ইয়াৰ বাহিৰেও, ই বহুতো বিষয়ত সহায় কৰে, যাৰ ভিতৰত আছে আপোনাৰ সংগীৰ ত্ৰুটিবোৰ জনা, তেওঁক বুজা আৰু তেওঁৰ সৈতে মিলা-মিছা কৰা ।

কাউন্সেলাৰে দুয়ো দুয়োৰে প্ৰতি ল’ব লগা যত্নৰ বিষয়সমূহ আঙুলিয়াই দিছে এনেধৰণে...

1. ভৱিষ্যতৰ দম্পতীয়ে ইজনে সিজনৰ চিন্তা, প্ৰত্যাশা আৰু অনুভূতি ভালদৰে বুজিব পাৰে ।

2. বিবাহৰ পিছত কেৱল ভাল মূহুৰ্তৰ বাবেই নহয়, সৃষ্টি হ’ব পৰা সমস্যাবোৰৰ বাবেও মানসিকভাৱে প্ৰস্তুত হোৱাত সহায় কৰে ৷

3. পৰিয়াল, সম্পৰ্ক আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইজনে সিজনৰ দৃষ্টিভংগী অধিক ভালদৰে বুজি উঠাত সহায় কৰে ৷

4. দুয়োৰে মাজত সুস্থ বাৰ্তালাপ হোৱাত সহায়ক হয় এই কাউন্সেলিং ৷

5. দুয়োজনে পৰস্পৰৰ অৰ্থনৈতিক, পাৰিবাৰিক আৰু সামাজিক স্থিতি আৰু দায়বদ্ধতা শিকিব আৰু বুজিব পৰাকৈ সক্ষম হৈ উঠে ।

লগতে পঢ়ক: Summer cold symptoms: কেৱল শীতকালতে নহয়, গ্ৰীষ্মকালতো আমনি কৰিব পাৰে জ্বৰ-চৰ্দিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.