ETV Bharat / sukhibhava

Mobile in Toilet: শৌচাগাৰত ফোন ব্যৱহাৰৰ অভ্যাস কাল হ’ব পাৰে আপোনাৰ বাবে - শৌচাগাৰত মোবাইল ফোন ব্যৱহাৰ কৰে নেকি

এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি বাথৰুমত মোবাইল ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে । এই অভ্যাসে আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে ।

Know the reasons you shouldn't carry your phone to the toilet
বাথৰুমত মোবাইল ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:02 PM IST

বৰ্তমান যুগত মোবাইল এনেকুৱা এটা যন্ত্ৰ হৈ পৰিছে যাৰ অবিহনে আমাৰ বাবে এদিনো কটাবলৈ টান হৈ পৰিছে । যাৰ হাততেই স্মাৰ্ট ফোন আছে তেওঁৱেই ঘন্টাই ঘন্টাই ফোনত ব্যস্ত হৈ থাকে আৰু তেওঁলোকে আনকি গমো নাপায় যে তেওঁলোকে দিনটোত কিমান সময় মোবাইলৰ সৈতে কটায় ৷ একে সময়তে এনে কিছুমান মানুহ আছে যি মোবাইলৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছে যে বাথৰুম কিম্বা শৌচাগাৰলৈও ফোনটো লৈ যাবলৈ নাপাহৰে । যদি আপুনিও এই অভ্যাসৰ বলি হৈ শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰে, তেন্তে এই সন্দৰ্ভত এক চাঞ্চল্যকৰ গৱেষণা পোহৰলৈ আহিছে । গৱেষণাৰ পৰা দাবী কৰা হৈছে যে এই অভ্যাসে আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে ।

স্বাস্থ্য বিশেষজ্ঞই কি কয় ?

গৱেষণা অনুসৰি বাথৰুম কিম্বা শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে । এই অভ্যাসে বহু ধৰণৰ ৰোগক আমন্ত্ৰণ জনাব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত কেঁচুমূৰীয়া অৰ্থাৎ পাইলছ হোৱাৰ সম্ভাৱনা অধিক থাকে । এই ৰোগত আক্ৰান্ত ৰোগীজনে বহিবলৈ উঠিবলৈ শৌচাগাৰ কৰিবলৈ বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয় । কেতিয়াবা মলৰ লগতে তেজো ওলায় । মলদ্বাৰ ফুলি গ’লে এনে হয় । মলদ্বাৰৰ বাহিৰত আৰু ভিতৰত কেঁচুমূৰীয়া হ’ব পাৰে ।

কেনেকৈ বেমাৰ হ’ব

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শৌচাগাৰত বহু ধৰণৰ বেক্টেৰিয়া পোৱা যায় । যেতিয়া আপুনি আপোনাৰ ফোনটো বাথৰুমত ব্যৱহাৰ কৰে তেতিয়া তাত উপস্থিত বেক্টেৰিয়া আপোনাৰ ফোনত সংযোগ হৈ যায় । এই বেক্টেৰিয়াবোৰ আপুনি দেখা নাপাব কিন্তু আপোনাৰ মোবাইলত লাগি যায় । তাৰ পৰা ই আপোনাৰ হাত বা আন বহুতো মাধ্যমেৰে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে । ইয়াৰ কাৰণে আপুনি অসুস্থ হৈ পৰিব পাৰে ।

ইয়াৰ সমাধান কি ?

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বাথৰুম বা শৌচাগাৰলৈ যোৱাৰ সময়ত মোবাইল ফোন বাহিৰতে থৈ যাব লাগে ৷ ভুলতো বাথৰুম বা শৌচাগাৰলৈ মোবাইল ফোন লৈ যাব নালাগে ৷ ইয়াৰ ফলত পাইলছ হোৱাৰ সম্ভাৱনা কম হোৱাই নহয় বেক্টেৰিয়াৰ আশংকাও হ্ৰাস পাব । লগতে মোবাইলটো সময়ে সময়ে চেনিটাইজ কৰিব লাগে বুলিও কোৱা হয় ।

লগতে পঢ়ক: Walking On Grass: খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়াটো শৰীৰৰ বাবে কিমান উপকাৰী জানি লওক এই প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.