ETV Bharat / sukhibhava

ভাইৰেল সংক্ৰমণ আৰু COVID-19ত মৌচুমী জলবায়ুৰ প্ৰভাৱ - কৰ'ণা ভাইৰাছ

বৰ্ষাৰ আৰম্ভণিৰ লগে লগে এতিয়া অন্যান্য সংক্ৰমণাকত্মক ৰোগৰো উদ্ভৱ হৈছে ৷ মৌচুমী জলবায়ুয়ে ভাইৰেল সংক্ৰমণ আৰু COVID-19 ৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে জানিবলৈ চাওক এই প্ৰতিবেদন...

মৌচুমী জলবায়ুৰ প্ৰভাৱ
মৌচুমী জলবায়ুৰ প্ৰভাৱ
author img

By

Published : Sep 2, 2020, 7:52 PM IST

সুখীভৱ, 2 চেপ্তেম্বৰ: COVID-19 সম্প্ৰতি বন জুইৰ দৰে হৈ পৰিছে ৷ যাক নিয়ন্ত্ৰণ কৰাতো অত্যন্ত কঠিন হৈ পৰিছে ৷ বিশ্বজুৰি ভিন্ন দেশত লক্ ডাউন জাৰি কৰা স্বত্বেও এই মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷ তাৰ সমান্তৰাকৈ এতিয়া সলনি হ'বলৈ ধৰিছে ভাৰতৰ জলবায়ু ৷ বৰ্ষাৰ আৰম্ভণিৰ লগে লগে এতিয়া অন্যান্য সংক্ৰমণাকত্মক ৰোগৰো উদ্ভৱ হৈছে ৷

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ মতে, 2018 বৰ্ষত সমগ্ৰ ভাৰততে মৌচুমীৰ আগমনৰ লগে লগে ইনফ্লুয়েঞ্জা A (H1N1) ৰ সংখ্যা 28,798 গৰাকী লোকলৈ অতিক্ৰম কৰাৰ লগতে, ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছিলগৈ 1218 গৰাকী ৷

এই বিষয়ত ইটিভি ভাৰতৰ সুখীভৱৰ এটা দলে হায়দৰাবাদৰ Institute of Preventive Medicine ৰ সঞ্চালক ডাঃ কে. শংকৰৰ সৈতে আলোচনা কৰিছিল ৷ তেওঁ কয়, “এয়া দেংগু, ছোৱাইল ফ্লু আৰু অন্যান্য সংক্ৰমণাত্মক ৰোগৰ লগতে পানী সম্বন্ধীয় ৰোগৰ উদ্ভৱৰ সময় ৷ যি অক্টোবৰ মাহ তথা এই মাহত আশে-পাশে থকা মাহসমূহলৈ অব্যাহত থাকিব পাৰে ৷ তথাপিও COVID-19 ৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব পাৰে, যেতিয়ালৈ ৰাইজে প্ৰতিৰক্ষা শক্তি বিকশিত নকৰে ৷ সেয়েহে এতিয়াও সকলো ৰোগ নিবাৰণৰ কিছুমান উপায় কঠোৰভাৱে পালন কৰাতো দৰকাৰ ৷ লগতে অন্যান্য সংক্ৰমণাত্মক ৰোগ সংক্ৰমণৰ ক্ষেত্ৰত অধিক তৎপৰতা অবলম্বন কৰোতো দৰকাৰ ৷”

বৰষুণে কেনেকৈ COVID-19 ভাইৰাছত প্ৰভাৱ পেলায় ?

জলবায়ুৰ সলনিৰ লগে লগে হোৱা ৰোগ বিশেষকৈ মৌচুমীৰ সময়ত আটাইতককৈ অধিক সংক্ৰমণ হয় ৷ কিন্তু জলবায়ুক প্ৰভাৱ নভেল কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰতো পৰে নেকি ? ইন্দোৰৰ এপল হাস্পতালৰ মেডিচিন বিশেষজ্ঞ ডাঃ সঞ্জয় কে. জৈনে এই ক্ষেত্ৰত কয়, “আমি আজিলৈ দেখি অহা মতে, বৰষুণে COVID-19 ৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই ৷ ই হৈছে অন্যান্য ভাইৰাছৰ লগত COVID-19 ৰ পাৰ্থক্য ৷ অন্যান্য ভাইৰাছৰ ক্ষেত্ৰত বৰষুণে প্ৰভাৱ পেলালেও COVID-19 ৰ ক্ষেত্ৰত এনে নহয় ৷ এই ক্ষেত্ৰত আমি এক স্থিৰ অৱস্থা প্ৰত্যক্ষ কৰিছো ৷”

“উচ্চ আৰ্দ্ৰতাৰ ক্ষেত্ৰত ভাইৰাছবিধ বহু সময়লৈ বতাহত থাকে ৷ যদি কোনো লোকে হাঁচিয়াই বা কাঁহে তেন্তে টোপলবোৰ 6 ঘণ্টা পৰ্যন্ত বতাহত থাকিব পাৰে ৷ সেয়েহে তাপমানে এটা ভাইৰাছৰ অস্তিত্বৰ ক্ষেত্ৰত বিশেষ ভূমিকা অৱলম্বন কৰে ৷ এয়াই কাৰণ যে, কিছুমান ভাইৰেল সংক্ৰমণ অধিক বিয়পে তাপমান অনুযায়ী ৷” ডাঃ শংকৰে প্ৰকাশ কৰে এই কথা ৷

কেনেদৰে ভাইৰেল সংক্ৰমণবোৰ বিয়পে ?

জলবায়ু এগৰাকী ব্যক্তিৰ ভাইৰেল জ্বৰৰ মুখ্য কাৰণ হ'ব পাৰে ৷ ভাইৰেল সংক্ৰমণ এগৰাকী লোক হাঁচি, কাঁহ আদিৰ জৰিয়তে অধিক লোকলৈ বিয়পিব পাৰে ৷ ইয়াৰ বাহিৰেও যদি কোনো লোকে বৰষুণত তিতে তেন্তে তেওঁলৈয়ো বিয়পিব পাৰে ৷ ডাঃ সঞ্জয়ে কয়, যেতিয়া কোনো লোক বৰষুণত তিতে তেন্তে তেওঁৰ শৰীৰৰ তাপমানত হঠাতে কিছুমান সাল-সলনি ঘটিব পাৰে ৷ যাৰ বাবে লোকগৰাকীৰ চৰ্দি, জ্বৰ আদিৰ দৰে বেমাৰ হ'ব পাৰে ৷ ইয়াৰ বাহিৰেও আমাৰ শৰীৰত বহু বীজাণু থাকে, যাক Commensals বুলি কোৱা হয়, যিয়ে শৰীৰক লোকচান নকৰে ৷ কিন্তু তাপমান পৰিৱৰ্তনৰ লগে লগে সেই বীজাণু সমূহ সক্ৰিয় হৈ যায় আৰু সংক্ৰমণৰ কাৰণ হৈ পৰে ৷

কেনেদৰে প্ৰতিৰোধ কৰিব ?

অন্যান্য ভাইৰাছৰ সমান্তৰালকৈ COVID-19 মহামাৰীও উচ্চ হাৰত বৃদ্ধি হ'বলৈ ধৰিছে ৷ এই ক্ষেত্ৰত সকলোৱে পূৰ্বৰ তুলনাত আৰু অধিক সতৰ্ক হোৱাটো আৱশ্যক ৷ ডাঃ সঞ্জয়ৰ দ্বাৰা দিয়া কিছুমান নিবাৰক উপায় এনে ধৰণৰ:

1. আপোনাৰ হাত চাবুন আৰু পানীৰে 20 চেকেণ্ড পৰ্যন্ত সঘনাই ধোৱক বা এলকহল থকা হেণ্ড ৰাবেৰে পৰিস্কাৰ কৰক ৷

2. সামাজিক দূৰত্ব বৰ্তাই ৰাখক ৷ সকলো লোকৰ পৰা অতি কমেও 6 ফুট দূৰত অৱস্থান কৰক আৰু ভিৰ থকা স্থানত যোৱাৰ পৰা নিজকে বচাওক ৷

3. কাঁহ মৰাৰ ক্ষেত্ৰত স্বচ্ছতা বৰ্তাই ৰাখক ৷ যদি আপুনি ৰাজহুৱা স্থানত কোনো লোকে কাঁহ মৰা হাঁচিওৱা দেখিছে তেন্তে তেওঁলোকৰ পৰা আঁতৰত থাকক ৷

4. মাস্ক অবিহনে ঘৰৰ পৰা বাহিৰলৈ নোলাব ৷

5. স্বচ্ছতাৰ উচ্চতম স্তৰ বৰ্তাই ৰাখক ৷

6. আপোনাৰ শৰীৰৰ তাপমানৰ ক্ষেত্ৰত হঠাতে যেন তাৰতম্য নঘটে সেই বিষয়ে সুনিশ্চিত হওক ৷ বৰষুণত তিতাৰ পৰা ৰক্ষা পাবলৈ ছাতি অথবা ৰেইন কোট লগত ৰাখক ৷

7. বাহিৰৰ খাদ্য খোৱাৰ পৰা বাচক, কিয়নো ইয়াৰ দ্বাৰা ডিঙিত সংক্ৰমণ আৰু আভ্যন্তৰীণ সমস্যা হ'ব পাৰে ৷ ঘৰৰ স্বাস্থ্যবান খাদ্যহে গ্ৰহণ কৰক ৷

8. টোপনি মৰাৰ লগতে আপোনাৰ স্বাস্থ্যক পৰ্যাপ্ত জিৰণি প্ৰদান কৰক ৷

9. নিতৌ ব্যায়াম কৰক ৷ ধ্যান, যোগাসন আদিৰ অভ্যাস কৰক ৷

10. আপোনাৰ চিকিৎসা সম্বন্ধীয় অৱস্থাবোৰ পৰীক্ষা কৰক ৷ আপোনাৰ মধুমেহ, ৰক্তচাপ ইত্যাদি নিয়ন্ত্ৰণ ৰখাৰ বাবে চেষ্টা কৰক ৷ লগতে ঔষধসমূহ যথাযথভাৱে সেৱন কৰক ৷

ডাঃ শংকৰে COVID-19 ৰ বিষয়ে উল্লেখ কৰি কয় যে, "অত্যন্ত প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰলৈ নোলাব ৷ মনত ৰাখক যে, মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ আমি COVID-19 ৰ সৈতে থাকিবলৈ আৰম্ভ কৰিব লাগিব ৷ যাৰ বাবে নিজৰ অভ্যাস আৰু জীৱন শৈলীক পৰিৱৰ্তন কৰিব লাগিব ৷ লগতে যিমান সম্ভৱ ঘৰতে থাকিব লাগিব ৷ সোনকালে অথবা কিছুদিন পাচত হ'লেও আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ম ৷ কিন্তু তেতিয়ালৈ সকলো লোক বহু সতৰ্ক হ'ব লাগিব ৷"

লগতে পঢ়ক: শৰীৰ চৰ্চা কেন্দ্ৰ খোলাটো কিমান দূৰ সুৰক্ষিত?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.