ETV Bharat / sukhibhava

ছমাহলৈ কেৱল খাদ্য আৰু সংগীত... ইয়াৰ পিছত এনেদৰে মই হ্ৰাস কৰিছিলো ওজন: পৰিণীতি

অবিৰতভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটি পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁৰ ওজন কিয় বৃদ্ধি হৈছিল আৰু এতিয়া তেওঁ পূৰ্বৰ দৰে দেখাবলৈ কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিছে সেই বিষয়ে জনাই ক’লে এনেদৰে ।

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:07 PM IST

6 months in A R Rahman's studio and eating junk to put on 15 kilos is how Parineeti Chopra prepped for Chamkila - watch
ছমাহলৈ কেৱল খাদ্য আৰু সংগীত... ইয়াৰ পিছত এনেদৰে মই হ্ৰাস কৰিছিলো ওজন: পৰিণীতি

নিজৰ পেছাদাৰী তথা ব্যক্তিগত জীৱনৰ বাবে প্ৰায়েই সংবাদ শিৰোনাম দখল কৰি আহিছে জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰিয়ংকা চোপ্ৰাৰ ভগ্নী পৰিণীতি চোপ্ৰা ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ ওজন যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছিল ৷

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ নিজেই প্ৰকাশ কৰি কৈছে যে, তেওঁৰ আহিবলগীয়া ছবি ‘চামকিলা’ৰ বাবে তেওঁ নিজৰ ওজন বৃদ্ধি কৰি আছে ৷ ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীয়ে পুনৰ ফিট হোৱাৰ যাত্ৰা আৰম্ভ কৰিছে আৰু জিমত ৱৰ্কআউট কৰা দেখা গৈছে ৷ উল্লেখ্য যে, এই ছবিখনৰ বাবে পৰিণীতিয়ে সম্পূৰ্ণ ১৫ কেজি ওজন বৃদ্ধি কৰিছিল ৷

অভিনেত্ৰী পৰিণীতিয়ে পোষ্টটো শ্বেয়াৰ কৰি কয় যে, কেনেকৈ তেওঁৰ ওজন ইমান বৃদ্ধি কৰিছিল ৷ বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ ওজন হ্ৰাস কৰাৰ বাবে তীব্ৰ ৱৰ্কআউট কৰি আছে আৰু পুনৰ পূৰ্বৰ দৰে নিজৰ শৰীৰক শ্বেপলৈ আনিবলৈ চেষ্টা কৰিছে ৷ এতিয়াও তেওঁৰ শৰীৰৰ কেই ইঞ্চিমান চৰ্বি কমাবলৈ বাকী আছে ৷

কেনেকৈ পৰিণীতিয়ে ১৫ কেজি ওজন বৃদ্ধি কৰিলে ?

পৰিণীতি চোপ্ৰাই এই ৱৰ্কআউটৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু লগতে কেপচনত জনাইছে যে, বিগত বছৰ প্ৰায় ৬ মাহ ষ্টুডিঅ’ত গান গাইছিল আৰু চামকিলা ছবিৰ বাবে ১৫ কেজি ওজন বৃদ্ধি কৰিবলৈ তেওঁ যিমান পাৰে জাংক ফুডো খাইছিল ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে, সেই সময়ত ‘সংগীত আৰু খাদ্য’ তেওঁৰ দৈনন্দিন কাম আছিল ৷

ওজন কমাবলৈ বৰ কষ্ট হৈছিল

পৰিণীতিয়ে তেওঁৰ পোষ্টটোত আৰু লিখিছে যে, এতিয়া ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত ষ্টুডিঅ’টো মিছ কৰো, আৰু নিজকে আগৰ দৰে দেখাবলৈ আকৌ জিম কৰো ৷ এইটো বৰ কঠিন হৈ পৰিছে যদিও এতিয়া আৰু কেই ইঞ্চিমান চৰ্বি হ্ৰাস কৰিবলৈ বাকী আছে ৷ জনাই দিও যে অভিনেত্ৰীগৰাকীয়ে পুনৰবাৰ নিজৰ ৱৰ্কআউট ৰুটিনলৈ ঘূৰি আহিছে আৰু পূৰ্বৰ দৰে ডায়েটত সুষম খাদ্য গ্ৰহণ কৰিছে ৷

পৰিণীতিৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন কেনেকুৱা চলি আছে ?

পৰিণীতি চোপ্ৰাই শেহতীয়াকৈ আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীক ‘চামকিলা’ ছবিত দিলজিৎ দোছাঞ্জৰ বিপৰীতে দেখা যাব ৷ তথ্য অনুসৰি পৰিণীতিয়ে ছবিখনত দিলজিতৰ পত্নী অমৰজোটৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব আৰু ছবিখন অতি শীঘ্ৰেই নেটফ্লিক্সত মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক: Raghav Parineeti Wedding : নৱৰাজ হান্সৰ গীতত নাচিলে পৰিণীতি-ৰাঘৱ, এই সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.