ETV Bharat / sukhibhava

বিশেষভাৱে সক্ষম শিশুক যৌনতাৰ শিক্ষা প্ৰদান কৰাৰ সহজ উপায়

বিশেষভাৱ সক্ষম শিশুসকলক যৌনতাৰ ব্যাখ্যা দিয়াটো এক প্ৰত্যহ্বানমূলক কাম ৷ কিন্তু সঠিক কৌশল ব্যৱহাৰেৰে এই প্ৰত্যাহ্বানবোৰ কিছু পৰিমাণে উজু কৰিব পৰা যায় ৷ এই বিষয়ে উল্লেখ কৰে মনোবিজ্ঞানী সমৃদ্ধি পাটকাৰে ৷

বিশেষভাৱে সক্ষম শিশুক যৌনতাৰ শিক্ষা প্ৰদান কৰাৰ সহজ উপায়
বিশেষভাৱে সক্ষম শিশুক যৌনতাৰ শিক্ষা প্ৰদান কৰাৰ সহজ উপায়
author img

By

Published : Jul 20, 2020, 6:22 PM IST

নিউজ ডেস্ক, 20 জুলাই: শিশুসকলৰ ক্ষেত্ৰত হৈ অহা যৌন শোষণে বিগত বহু বছৰৰ পৰাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ যি এই বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷ এই শিশুসকলক যৌনতাৰ শিক্ষা প্ৰদান কৰা,স্বাভাৱিক আৰু অস্বাভাৱিক স্পৰ্শ সম্বন্ধে অৱগত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷

মনোবিজ্ঞানী সমৃদ্ধি পাটকাৰে ইটিভি সুখী ভৱযোগে শিশুক যৌন শিক্ষা প্ৰদান কৰাৰ ভিন্ন কৌশলৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷

দৃশ্য মাধ্যমৰ দ্বাৰা যৌন শিক্ষণৰ কৌশল

দৃশ্যৰ জৰিয়তে প্ৰদান কৰা শিক্ষা সদায় উজু আৰু সঠিক হয় ৷ বিশেষভাৱে সক্ষম শিশুসকলে চাক্ষুষভাৱে শিক্ষা আহৰণ কৰিলে অতি সহজই কোনো বিষয়ৰ শিক্ষা আয়ত্ব কৰিব পাৰে ৷ সেয়ে যৌন শিক্ষাৰ ক্ষেত্ৰত যদি যৌনাংগ আৰু যৌনতাৰ ব্যাখ্যা কৰা হয় দৃশ্য মাধ্যমৰ জৰিয়তে,তেতিয়া তেওঁলোকে অধিক ভালদৰে সেই বিষয়ে বুজিব পাৰে বা তেওঁলোকক বুজোৱাতো সুবিধা হয় ৷ সমৃদ্ধি পাটকাৰে কয়,এই ক্ষেত্ৰত বহুতো অনলাইল বিকল্প বা এপ আছে ৷ য'ত যৌনতা সম্পৰ্কে বুজোৱাত সহায়ক হয় ৷

অভিনয়

অভিনয় হৈছে দৃশ্যৰ জৰিয়তে উপস্থাপন কৰিব পৰা এক অন্যতম মাধ্যম ৷ এই ক্ষেত্ৰত পিতৃ-মাতৃ উভয়ে কোনো ভূমিকা পালন কৰি নিৰাপদ তথা অনিৰাপদ স্পৰ্শ সম্পৰ্কে শিশু সকলক বুজাব পাৰে ৷ ইয়াৰ জৰিয়তে শিশুসকল অতি সহজে স্বাভাৱিক আৰু অস্বাভাৱিক স্পৰ্শ চিনাক্ত কৰিব পাৰে ৷

চিহ্নিতকৰণ

শিশুৱে যেতিয়া কোনো সামগ্ৰী বা কোনো নিৰ্দেশক বুজিব পাৰে বা চিহ্নিত কৰিব পাৰে তেতিয়া তেওঁলোকে সেইবোৰ খুব সহজেই মনত ৰাখিব পাৰে ৷ বিশেষ কোনো সামগ্ৰী বা ছেনিটাৰী পেড আদি যদি তেওঁলোকে চিহ্নিত কৰিব পাৰে তেন্তে সেই সুকীয়া বিষয়টো অনুধাৱন কৰিবলৈ তেওঁলোকৰ সুবিধা হয় ৷ শিশুসকলে যেতিয়াই সেই চিহ্ন দেখে তেতিয়াই নিজকে সেই সংক্ৰান্তীয় জ্ঞান বা কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰিব পাৰে ৷ এনেদৰে তেওঁলোকে সেই বিষয়বোৰ মনত ৰাখিব পাৰে ৷ সমৃদ্ধি পাটকাৰে কয়,শিশুসকলক বজাৰলৈ বা বিশেষ ষ্টোৰলৈ নি ছেনিটাৰী পেড আদিৰ দৰে বিশেষ সামগ্ৰী বাছি উলিয়াব দিব লাগে ৷ ইয়াৰ ফলত সেই নিৰ্দিষ্ট সামগ্ৰী সন্দৰ্ভত শিশুৰ জ্ঞান অধিক বৃদ্ধি হয় ৷

দৃশ্য-শ্ৰাব্য মাধ্যম

ইউটিউব আৰু কিছুমান এপত বহুতো ভিডিঅ' পোৱা যায়,যাৰ জৰিয়তে যৌনতাৰ বিষয়ে শিশুসকলক বিস্তাৰিত জ্ঞান দিব পাৰি ৷ অভিভাৱক সকলে এনে বহু ভিডিঅ' ব্যৱহাৰ কৰিব পাৰে য'ত তেওঁলোকে নিজ শিশুক এনে বিষয় সম্পৰ্কে বুজাব পাৰে ৷ নিজ চকুৰে প্ৰত্যক্ষ কৰিলে সেই শিক্ষাৰ প্ৰভাৱ শিশুৰ ওপৰত অধিক পৰে ৷

সামাজিক কাহিনী

পিতৃ-মাতৃয়ে শিশুসকলক সামাজিক পৰিস্থিতি (য'ত শিশুসকল শাৰীৰিক নিৰ্যাতন আৰু ক্ষতিৰ সন্মুখীন হ'ব পাৰে)ৰ বিষয়ে বহলাই কোৱাটো প্ৰয়োজনীয় কাহিনীৰ মাধ্যমেৰে ৷ তেওঁলোকে শিশুসকলক এই বিষয়ে জনোৱাটো অতি জৰুৰী যে,কি পৰিৱেশত,কেনেকৈ,কিদৰে কোনো শিশু নিৰ্যাতনৰ সন্মুখীন হ'লে নিজকে ৰক্ষা কৰিব পাৰে ৷ তেওঁলোক কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই বিষয়ে পুংখানুপুংখভাৱে ব্যাখ্যা কৰিব লাগে ৷

চিকিৎসা বিজ্ঞানৰ ভাষাৰ প্ৰয়োগ

কোনো ইংগিত বা সংকেত প্ৰয়োগ কৰি শৰীৰৰ ভিন্ন অংগ-প্ৰত্যংগৰ বিষয়ে অভিভাৱকসকলে,চিকিৎসা বিজ্ঞানৰ ভাষা প্ৰয়োগ কৰিব লাগে ৷ ই যিকোনো পৰিৱেশতে শিশু সকলক তেওঁলোকৰ সমস্যাসূহ চিকিৎসা বিজ্ঞানৰ নাম উল্লেখেৰে ব্যাখ্যা কৰাত সহায় কৰিব ৷ সমৃদ্ধি পাটকাৰৰ মতে,অভিভাৱক সকলে যিমানেই এই ক্ষেত্ৰত স্বাভাৱিক হ'ব সিমানেই তেওঁলোকে শিশুক যৌন শিক্ষাৰে শিক্ষিত কৰিব পাৰিব ৷

লগতে পঢ়ক: পুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.