ETV Bharat / sukhibhava

Summer diet for good health : গ্ৰীষ্মকালত সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ?

author img

By

Published : Mar 2, 2022, 1:36 PM IST

গ্ৰীষ্মকালত ফল আৰু পানীয় সেৱনে শৰীৰৰ তাপ নিয়ন্ত্ৰণত ৰাখে ৷ বতৰৰ ফল বতৰত খালে ই শৰীৰক পুষ্টি যোগোৱাৰ উপৰিও বিভিন্ন বেমাৰ আজাৰৰ পৰাও ৰক্ষা কৰে (Food tips for summer) ৷ গ্ৰীষ্মকালত আপোনাৰ খাদ্যৰ তালিকাখন এনেদৰে তৈয়াৰ কৰি লওঁক, যি ভাগৰ অনুভৱ কৰাৰ পৰা আপোনাক সকাহ দিয়ে আৰু দেহটো কাৰ্যক্ষম হৈ থকাত সহায় কৰে (Healthy summer diet) ৷ সাধাৰণতে প্ৰখৰ ৰ’ৰ বাবে গৰমৰ দিনত সকলোৱে ভাগৰুৱা অনুভৱ কৰে যিয়ে মানুহৰ এলাহ ভাৱ বৃদ্ধি কৰে ৷ আমি আপোনালোকলৈ আগবঢ়াইছো গৰমৰ দিনৰ কেইটামান স্বাস্থ্যসন্মত খাদ্য প্ৰণালী-

healthy diet
গৰমৰ দিনত এটা সুসন্মত খাদ্য প্ৰণালীৰ সকলোকে প্ৰয়োজন

বছৰৰ আন ঋতুৰ বিপৰীতে গ্ৰীষ্মকালত ভোক নলগা, খাদ্যৰ প্ৰতি অনিহা আদি বেছিকৈ অনুভৱ হয় ৷ গৰমৰ দিনত শৰীৰটোক হাইড্ৰেট কৰি ৰাখিবলৈ মাত্ৰাধিক পানী সেৱন কৰাটো প্ৰয়োজন হৈ পৰে ৷ শৰীৰটোক ঠাণ্ডা কৰিবৰ বাবে গৰমৰ দিনত সচৰাচৰ মানুহে নেমু চৰবত, লচ্ছি আৰু অন্যান্য় শীতল পানীয় সেৱন কৰা দেখা যায় ৷

গৰমৰ দিনত এটা স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ সকলোকে প্ৰয়োজন (Summer diet) ৷ দেহটোৰ ওপৰত অত্যাচাৰ নকৰাকৈ দেহৰ কোষবোৰে সঠিকমতে যাতে পুষ্টি লাভ কৰে, তাৰ প্ৰতি সকলো সজাগ হোৱা উচিত ৷ এখন সু-সংগঠিত খাদ্যৰ তালিকাৰে এয়া সম্ভৱ (Healthy summer diet) ৷ গ্ৰীষ্মকালত পোৱা ফল আৰু সতেজ ফলৰ ৰস সেৱন কৰি দেহটোক গৰমৰ পৰা বহু পৰিমাণে সকাহ দিব পাৰি (what to eat in summers) ৷

স্বাস্থ্য় সন্মত ৰুটিন

গৰমৰ দিনবোৰত আমি ফেনৰ তলত বা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত শোঁও । এই অভ্যাসে ছালক শুকান কৰি তোলে ৷ গোটেই ৰাতি ফেনৰ বতাহত ডিঙিও শুকাই যায় ৷ সাৰ পোৱাৰ সময়ত ডিঙিত শুষ্কতা, চকুত জ্বলা-পোৰা বা ছালৰ শুষ্কতা অনুভৱ কৰাটো স্বাভাৱিক ।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ পুৱা 2-3 গিলাচ পানী খাই দিনটোৰ আৰম্ভণি কৰক । নেমু ৰস নতুবা ডালচেনি তিয়াই থোৱা পানীও সেৱন কৰিব পাৰে ৷ কোমোৰাৰ ৰসত কেইটোপালমান নেমু আৰু আমলখিৰ ৰস মিহলাই খালেও ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায় ৷

এই ৰসে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাৰ লগতে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কোমোৰাৰ ৰসৰ উপৰিও চজিনাৰ ৰস, ঘেঁহু ধানৰ ৰস, তিঁয়হৰ ৰস বা নাৰিকল পানীও আপুনি ব্যৱহাৰ কৰিব পাৰে ৷

পুৱাৰ আহাৰৰ পৰা ৰাতিৰ আহাৰলৈকে

গ্ৰীষ্মকালত প্ৰতিদিনে কমেও 4-5 বাৰকৈ ফল আৰু পাচলি খোৱাটো গুৰুত্বপূৰ্ণ । পুৱাৰ আহাৰ সদায় স্বাস্থ্যকৰ, বতৰৰ সতেজ ফল যেনে- তৰমুজ, অমিতা, আম, লিচু, প্লাম আদিৰে আৰম্ভ কৰিব লাগে । তাৰ পিছত নাৰিকলৰ গাখীৰেৰে তৈয়াৰী লঘু আহাৰ গ্ৰহণ কৰিব লাগে ৷ পাচলি, বীজ, চিয়া বীজৰ সৈতে কিছুমান শুকান ফলেৰে এই আহাৰ প্ৰস্তুত কৰিব লাগে । শুকান লঘু আহাৰ যেনে- ব্ৰেড, পিঠা বা অন্যান্য খাদ্য শস্য খালীপেটত গ্ৰহণ কৰাৰ পৰা আঁতৰ থাকক ৷ খালীপেটত এই খাদ্যই বদহজম কৰিব পাৰে ৷

মিড মৰ্ণিং বুষ্ট

আপোনাৰ ভোকৰ ওপৰত নিৰ্ভৰ কৰি এমুঠি জিৰা গুৰি নতুবা আদা ৰস অথবা হিং মিহলি কৰি বাটাৰমিল্ক খাব পাৰে । আপুনি আপোনাৰ সুবিধা অনুসৰি এবাটি চালাড নাইবা নাৰিকল পানীও খাব পাৰে ।

দুপৰীয়াৰ আহাৰ

দুপৰীয়াৰ আহাৰত পাৰ্যমানে সেউজীয়া শাক-পাচলি যোগ দিয়ক ৷ যদি আপুনি কাৰ্ব-হাইড্ৰেট জাতীয় খাদ্য খাব বিচাৰে, তেন্তে এই খাদ্য প্ৰণালীৰ সৈতে ইয়াক যোগ দিব পাৰে ৷ দুপৰীয়াৰ আহাৰৰ সৈতে চুপ খোৱাতো বাধ্যতামূলক কৰক ৷ মাইক্ৰ’নিউট্ৰিয়েণ্টছ্ যেনে- কাৰ্ব হাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বি কম পৰিমাণত গ্ৰহণ কৰক ৷

গধূলিৰ আহাৰ

গধূলিৰ সময়ত পানীত তিয়াই কেইটামান বাদামৰ সৈতে এবাটি বতৰৰ ফল খাওক ৷ ই দিনটোৰ ভাগৰ নাইকিয়া কৰাত সহায় কৰিব ৷

নিশাৰ আহাৰ

নিশাৰ আহাৰ পৰাপক্ষত লঘু হোৱা উচিত ৷ প্ৰ’টিন যুক্ত খাদ্যৰ সৈতে বিভিন্ন শাক-পাচলি সিজাই খোৱাটো উপকাৰী ৷ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে চুপ খোৱাৰ অভ্যাস কৰক ৷ আহাৰ গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অলপ সময় ৰৈ হাৰ্বেল টী সেৱন কৰিব পাৰে, যিয়ে আপোনাৰ শৰীৰক শীতল কৰি ৰখাত সহায় কৰিব ৷

দিনটো নিজকে হাইড্ৰেট কৰি ৰাখক

শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ দিনত কমেও 3 লিটাৰ পানী খাব লাগে । খোৱা পানীৰ উপৰিও, ভেষজ চাহ (হাৰ্বেল টী), চুপ, শীতল পানীয় আদি হৈছে শৰীৰৰ তাপৰ সৈতে মোকাবিলা কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় । এই সময়চোৱাত চেলেৰী, ধনীয়া, নেমুপানী প্ৰচুৰ পৰিমাণে সেৱন কৰিব লাগে ৷ লগতে কমলা, তিঁয়হ এই জাতীয় ফলবোৰো নিতৌ খোৱা উচিত ৷

লগতে পঢ়ক: আপোনাৰ স্বাস্থ্যৰ বাবে বাদাম আৰু গাখীৰৰ সংমিশ্ৰণ কিমান উপকাৰী?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.