ETV Bharat / sukhibhava

Child Health Tips: শিশুৰ বাবে কোনো মহৌষধতকৈ কম নহয় এইবিধ গাখীৰ, উপকাৰিতা জানি হৈ পৰিব আচৰিত

শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰতিটো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান দিয়াটো প্ৰয়োজনীয়, যাতে ডাঙৰ হৈ তেওঁলোক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় । সেয়ে আজি আমি শিশুৰ বাবে কেশৰ মিহলোৱা গাখীৰৰ উপকাৰিতাৰ বিষয়ে ক’বলৈ ওলাইছো ৷ আয়ুৰ্বেদতো কেশৰ মিহলোৱা গাখীৰৰ বহু উপকাৰিতাৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ শিশুৰ বাবে । সবিশেষ পঢ়ক...

author img

By

Published : Aug 22, 2023, 4:56 PM IST

Why Kids Need to Drink a Glass of Kesar Milk Every Night
শিশুৰ বাবে কোনো মহৌষধতকৈ কম নহয় এইবিধ গাখীৰ, উপকাৰিতা জানি হৈ পৰিব আচৰিত

ভাৰতত কেশৰ যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে । সেই সময়ৰ পৰাই গাখীৰত কেশৰ মিহলাই পান কৰা হৈছিল । ইয়াক মছলাৰ ৰজা বুলিও কোৱা হয় । কেৱল গাখীৰেই নহয় কেশৰ পায়স আৰু বিৰিয়ানীতো ব্যৱহাৰ কৰা হয় । কেশৰত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যাৰ বাবে ই হজম শক্তি উন্নত কৰাৰ বাবে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ।

আয়ুৰ্বেদত কেশৰ মিহলোৱা গাখীৰৰ বহু উপকাৰৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ শিশুৰ বাবে । উল্লেখ্য যে, বিজ্ঞানেও শিশুৰ দৃষ্টিকোণৰ পৰা কেশৰ মিহলোৱা গাখীৰৰ বহু উপকাৰিতাৰ কথা উল্লেখ কৰিছে । শিশুক কিয় ৰাতি কেশৰ মিহলোৱা গাখীৰ খাবলৈ দিব লাগে জানি লওক-

অতি উপকাৰী কেশৰ

কেশৰ হৈছে ক্ৰকাছ ফুলৰ পৰা পোৱা এক মূল্যৱান মছলা । ইয়াৰ ৰঙা ৰং, গোন্ধ তথা সোৱাদৰ বাবেই কেশৰ জনপ্ৰিয়তাৰ কাৰণ । উল্লেখ্য যে, কেশৰ বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয় । ইয়াত ক্ৰ’চিন আৰু চেফ্ৰানেলকে ধৰি শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিবোৰৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে বুলি জনা যায় । এই এন্টিঅক্সিডেন্টবোৰে শৰীৰক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

শিশুৰ বাবে কিমান উপকাৰী কেশৰ

আয়ুৰ্বেদৰ মতে, কেশৰ শিশুৰ বাবেও অতি উপকাৰী । এইখিনি খালে শিশুৱে ভাল টোপনি পায় । ডিজিটেল জগতত মোবাইলৰ সংস্পৰ্শ অধিক হোৱাৰ বাবে শিশুৰ টোপনিও প্ৰভাৱিত হৈছে, যাৰ বাবে অভিভাৱকসকল অতিশয় চিন্তিত হৈ পৰিছে । সেয়ে ভাল টোপনি আৰু জিৰণি লোৱাৰ বাবে শিশুক কেশৰ মিহলোৱা গাখীৰ খাবলৈ দিব পাৰে ।

হাড় শক্তিশালী কৰাত সহায় কৰে কেশৰে

হাড়ৰ বিকাশৰ বাবে শৈশৱৰ পৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম গ্ৰহণ কৰাটো প্ৰয়োজনীয় । কেশৰ মিহলোৱা গাখীৰে শিশুৰ কেলচিয়ামৰ প্ৰয়োজনীয়তা পূৰণ কৰে । কেশৰত থকা মেংগানিজ, ভিটামিন চি আৰু ভিটামিন এৰ দৰে পুষ্টিকৰ উপাদান গাখীৰৰ লগত মিহলি হ’লে কেশৰ মিহলোৱা গাখীৰ হাড়ৰ বাবে উপকাৰী হৈ পৰে । এই পুষ্টিকৰ পদাৰ্থই মজবুত হাড় গঠনত সহায় কৰে । গতিকে এতিয়াৰ পৰা সন্তানক কেশৰ মিহলোৱা গাখীৰ খুৱাবলৈ আৰম্ভ কৰক ।

লগতে পঢ়ক: Healthy Leaves: শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিডক নিয়ন্ত্ৰণ কৰিব এই ৫বিধ পাতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.