ETV Bharat / state

অনলাইন বজাৰে কোঙা কৰিছে নেকি ক্ষুদ্ৰ ব্যৱসায়ীক ? - Impact of online shopping

Durga Puja 2024: বিশ্বায়নে নিঃশেষ কৰিব নেকি খুচুৰা ব্যৱসায়ীৰ বজাৰ ? পূজাৰ বতৰতো উদাস মনেৰে গ্ৰাহকৰ অপেক্ষাত কাপোৰৰ দোকানী ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Impact of online shopping, lack of customers is suffering from small businesses
অনলাইন বজাৰে কোঙা কৰিছে নেকি ক্ষুদ্ৰ ব্যৱসায়ীক ? (ETV Bharat Assam)

ৰঙিয়া,৬ অক্টোবৰ: বতৰ সেমেকা যদিও ৰাজ্যজুৰি অব্যাহত শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা । প্ৰান্তে প্ৰান্তে সজাই পৰাই তুলিছে পূজা মণ্ডপসমূহ । মৃৎ শিল্পীসকল দিনে নিশাই ব‍্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত । শৰতৰ এই উৎসৱটিৰ অভিন্ন অংগ হৈছে নতুন কাপোৰ । এইসময়ছোৱাত বজাৰত কাপোৰ উভৈনদী হৈ থাকে । সৰু-বৰ সকলো কাপোৰৰ দোকান ভৰি পৰে নতুন কাপোৰেৰে ।

পিছে ঠায়ে ঠায়ে বহুজাতিক কোম্পানীবোৰৰ শ্বপিং মলবোৰো মুকলি হ'ল । ইফালে যোৱা প্ৰায় পাঁচ-ছয় বছৰৰ ভিতৰত ই-কমাৰ্চৰ জগতখনতো অভূতপূৰ্ব অভ‍্যুত্থান দেখিবলৈ পোৱা গৈছে । যাৰ ফলত মাত্ৰ এটা মোবাইল ফোনৰ সহায়ত বিদেশৰ বজাৰত উপলব্ধ বহু দামী কাপোৰো অসমৰ একেবাৰে ভিতৰুৱা গাঁৱৰ এঘৰ মানুহেও সহজতে ক্ৰয় কৰিব পাৰে । বিশ্বায়নে সমগ্ৰ পৃথিৱীক ওচৰ চপাই অনাৰ এনেকুৱা সময়তে অসমৰ মফচলত থকা কাপোৰৰ দোকানী সকলৰ বাৰু অৱস্থা কেনে হৈছে ? এতিয়াও বাৰু আগৰদৰে এই সৰু সৰু দোকানবোৰত কাপোৰ কিনিবলৈ গ্ৰাহকে ভিৰ কৰেনে ?

তুলনামূলকভাৱে ৰঙিয়া নগৰৰ কেইখনমান পুৰণি আৰু নতুন দোকানৰ দোকানীসকলে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ তুলনাত এইবাৰ পূজাত কাপোৰৰ বিক্ৰী যথেষ্ট কম । অনলাইন শ্বপিং পৰ্টেলৰ লগতে ৰঙিয়া নগৰত থকা শ্বপিং মলবোৰৰ বাবে বৰ্তমান দোকানসমুহত বিক্ৰী একেবাৰে নোহোৱাৰ দৰে হৈছে । পূৰ্বতে গ্ৰাহকে গিজগিজাই থকা দোকানবোৰত যোৱা কিছু বছৰৰ পৰা গ্ৰাহকৰ সংখ্যা কমি আহি বৰ্তমান প্ৰায় নোহোৱা হৈ পৰিছে ।

যাৰফলত সাধাৰণ ভাৱে দৈনন্দিন জীৱন যাপনৰ বাবেও অভাৱত পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এইসকল লোকৰ মাজত । বহুসংখ্যক দোকানীয়ে বন্ধন বা তেনে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰ লৈ ব‍্যৱসায় চলাই আহিছে যদিও বৰ্তমান ধাৰৰ কিস্তি পৰ্যন্ত পৰিশোধ কৰিবলৈ অপৰাগ হৈছে এইসকল ক্ষুদ্ৰ ব‍্যৱসায়ী ।

তৰণীৰ এগৰাকী কাপোৰ পুৰণি ব‍্যৱসায়ী মাণিক দেৱনাথে এই বিষয়ে কয়,"পূজাৰ বাবে বিক্ৰীৰ যিটো আশা কৰিছিলোঁ, সেইটো একেবাৰে বেয়া । ডাঙৰ ডাঙৰ শ্বপিং মল হ'ল আৰু অনলাইনত ব‍্যৱসায়ৰ যি ব‍্যৱস্থা চলিছে তাৰ ফলত আমাৰ দৰে ক্ষুদ্ৰ ব‍্যৱসায়ী একেবাৰে শেষ হৈ গৈছে । গ্ৰাহক আজিকালি শ্বপিং মল আৰু অনলাইনতেই ব‍্যস্ত । আমি এতিয়া বহুত অসুবিধাত পৰিছোঁ । কৰ্মচাৰীক দৰমহা দিবলৈও অসুবিধা হৈছে ।"

পুৰণি দিনৰ কথা মনত পেলাই ব‍্যৱসায়ীজনে কয়,"আগতে বৰ্তমানৰ দৰে অৱস্থা নাছিল । পূজাৰ বতৰত আমি যথেষ্ট লাভ কৰিছিলোঁ । তেতিয়া অনলাইন বা শ্বপিং মলৰ ব‍্যৱস্থা নাছিল । তেতিয়া সাধাৰণ কাপোৰেৰে হৈ গৈছিল । কিন্তু এতিয়া বিধে বিধে বিভিন্ন ধৰণৰ কাপোৰ লাগে গ্ৰাহকক ।" এক কথাত ক'বলৈ গলে বিশ্বায়নে এইসকল ক্ষুদ্ৰ ব‍্যৱসায়ীক পেটে ভাতে মৰাৰ বাবে যেন প্ৰস্তুতি যেন সম্পূৰ্ণ কৰি পেলাইছে ।

লগতে পঢ়ক: ৮ ঘন্টাৰ ভিতৰত ২০ শতাংশ বোনাচ দিবই লাগিব : চাহ শ্ৰমিকৰ হুংকাৰ - Mariani Tea Workers Protest

উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.