নিউজ ডেস্ক, 6 অক্টোবৰ: গুগলত যি বিষয়ত সন্ধান নকৰক কিয়, কিবা নহয় কিবা ওলাবই । অৱশ্যে সেয়া অফিচিয়েল একাউণ্ট হয় নে নহয় সেই সন্দৰ্ভত বহু সময়ত আমি অৱগত নহও ? যাৰ বাবে বহু সময়ত আমি ভুৱা একাউণ্ট ব্যৱহাৰ কৰো । ইয়াৰ বাবেই ভুৱা ৱেবছাইটৰ বলি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । এইবোৰ বন্ধ কৰিবলৈ পদক্ষেপ আগবঢ়াইছে জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে । তাৰ অংশ হিচাপে ইয়াত কোনো লোকে বিচৰা তথ্যৰ দেখিবলৈ পোৱা ফলাফলসমূহক সত্যতা নিৰূপিত বেজ প্ৰদান কৰিবলৈ সাজু হৈছে Google এ ।
"আমি কোম্পানীসমূহৰ অফিচিয়েল একাউণ্ট চিনাক্ত কৰিবলৈ নতুন বৈশিষ্ট্য আনিবলৈ চেষ্টা কৰিছো । আমি বৰ্তমান গুগলৰ কিছুমান ব্যৱসায়িক ৱেবছাইটৰ কাষত চেক মাৰ্ক দেখুৱাবলৈ পৰীক্ষা চলাই আছো ।" গুগলৰ বিষয়াসকলে সেই কথা প্ৰকাশ কৰিছে । Dhaverge প্ৰকাশ কৰা অনুসৰি গুগলৰ Search Result ত মেটা, মাইক্ৰ’ছফ্ট আৰু এপল কোম্পানীসমূহৰ অফিচিয়েল চাইট লিংকৰ কাষত ইতিমধ্যে নীলা ৰঙৰ ভেৰিফাইড বেজটো দেখা গৈছে । বৰ্তমান পৰ্যন্ত গুগলে এতিয়াও এই সুবিধা মুকলি কৰা নাই ।
ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপত বিষয়াসকলৰ একাউণ্ট চিনাক্তকৰণৰ বাবে ভেৰিফাইড বেজ উপলব্ধ কৰা হৈছে । তেওঁলোকৰ সহায়ত আমি সহজে ভুৱা একাউণ্ট চিনাক্ত কৰিবলৈ সক্ষম হৈছো । এতিয়াৰ পৰা গুগলৰ সন্ধান ফলাফলতো এনে সুবিধা দেখা যাব ।
ইফালে শেহতীয়াকৈ গুগলে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এটা নতুন বৈশিষ্ট্য আনিছে । ইয়াৰ এআই চেটবট ভিত্তিক দুমুখীয়া ভইচ চেট বৈশিষ্ট্য ‘Google Gemini Live’ মুকলি কৰা হৈছে । এই নতুন বৈশিষ্ট্য ব্যৱহাৰ কৰি আপুনি টাইপ নকৰাকৈ যিকোনো কথা ক’ব পাৰে । কিন্তু প্ৰথমে ইংৰাজী ভাষাত অহা গুগলে প্ৰকাশ কৰিছে যে ভাৰতৰ ব্যৱহাৰকাৰীৰ বাবে ই অতি সোনকালে তেলেগু, তামিল, বাংলা, মাৰাঠী, উৰ্দু, গুজৰাটী, মালয়ালম আৰু কানাড়া ভাষাত উপলব্ধ হ’ব ।