ETV Bharat / sports

কি ৰণনীতিৰে টি 20 বিশ্বকাপত খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই; অধিনায়কে ৰাজহুৱা কৰিলে এই গোপন সত্য - ROHIT SHARMA ON WORLD CUP 2024

T20 World Cup Final: কি আছিল টীম ইণ্ডিয়াৰ টি 20 বিশ্বকাপত খিতাপ দখলৰ আঁৰৰ মন্ত্ৰ ? অধিনায়ক ৰোহিত শৰ্মাই কৰিলে ৰাজহুৱা ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

ROHIT SHARMA ON WORLD CUP 2024
টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ: শেহতীয়াকৈ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰকাশ কৰিছে টি 20 বিশ্বকাপত খিতাপ দখলৰ বাবে প্ৰস্তুত কৰা ৰণনীতিৰ বিষয়ে ৷ টি 20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়ৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল দলটোৰ অন্যতম সদস্য ঋষভ পন্তে ৷ পন্তৰ বলিং ধুমুহাত বিধ্বস্ত হৈ পৰিছিল দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকল ৷

টি 20 বিশ্বকাপ জয়ত ৰোহিত শৰ্মাৰ ৰণনীতি

ৰোহিতে শেহতীয়াকৈ এটা কমেডী শ্ব’ত অংশগ্ৰহণ কৰি কয় যে, "লক্ষ্য অনুসৰণ কৰিবলৈ দক্ষিণ আফ্ৰিকাক 30 টা বলত 30 ৰাণৰ প্ৰয়োজন আছিল । লগতে তেওঁলোকৰ হাতত মজুত আছিল বহুকেইটা গুৰুত্বপূৰ্ণ উইকেট ৷ সেই সময়ত আমি সকলোৱে বিভ্ৰান্ত হৈ পৰিছিলো । কিন্তু অধিনায়কগৰাকীয়ে হতাশ হৈ দেখুওৱাতো উচিত নহয় । তাৰপিছত ক্ৰমে খেলখন লেহেমীয়া হ'বলৈ ধৰে ৷ কাৰণ বিপক্ষৰ বেটছমেনসকল ইতিমধ্যে ফৰ্মত আছে । তেওঁলোকে খেলখন একে ছন্দত সম্পূৰ্ণ কৰাৰ কথা ভাবি আছে । সেই ছন্দটো কেনেধৰে ৰোধ কৰিব পাৰি, তাকে ভাবি মই সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছিলো । যাৰ বাবে বলাৰসকলৰ সৈতে কথা পাতিছিলো" ৷

ৰোহিত শৰ্মাই লগতে কৈছিল, "একে সময়তে পন্তে অতি চতুৰতাৰে খেলখনৰ গতি সলনি কৰিছিল ৷ তেওঁ এনেদৰে হঠাতে পৰি যোৱাৰ ভাও জুৰিছিল যেন আঁঠুত আঘাত পাইছিল । ততালিকে ফিজিঅ’ আহি তেওঁক বেণ্ডেজ কৰি দিয়ে । কিন্তু এই কামটোৱে খেলখনৰ গতি লেহেম কৰি তোলে । ইফালে খেলখন কেতিয়া আৰম্ভ হ'ব, সেইটোৰ বাবে হেনৰিখ ক্লাছেনে ক্ৰিজত অপেক্ষা কৰি আছিল । কিন্তু পন্তে অতি কৌশলীভাৱে বিপক্ষৰ ওপৰত চাপ সৃষ্টি কৰি খেলখন জিকাত আমাক সহায় কৰিছিল" ৷

এই খেলখনত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক 177 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ নিৰ্দিষ্ট ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা দক্ষিণ আফ্ৰিকাই মাত্ৰ 169 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ভাৰতে খেলখনত 7 ৰাণত জয় লাভ কৰে ৷

লগতে পঢ়ক: ক্ৰিকেটত এহাজাৰতকৈও অধিক চাৰি কোবোৱা ক্ৰিকেটাৰৰ তালিকাত কোন ভাৰতীয় - 1000 PLUS FOURS IN CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.