ETV Bharat / state

ভাৰতে চীনৰ তথ্য প্ৰযুক্তিৰ অনুসৰণ বন্ধ কৰিব লাগে: জেএনইউৰ অধ্যাপক শ্ৰীনাথ কোণ্ডাপাল্লি - Boderlens Guwahati

JNU professor Srinath Kondapalli: জেএনইউৰ অধ্যাপক শ্ৰীনাথ কোণ্ডাপাল্লিৰ মতে সকলো সীমান্ত বন্ধ হোৱাৰ বাবে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

JNU professor Srinath Kondapalli
ভাৰতে চীনৰ তথ্য প্ৰযুক্তিৰ অনুসৰণ বন্ধ কৰিব লাগে (ETV Bharat)

গুৱাহাটী, ৬ অক্টোবৰ : "দক্ষিণ পূব এছিয়াৰ দেশৰ লগত বাণিজ্য উন্নত কৰাৰ বাবে ভাৰতে সীমান্ত মুকলি কৰি যোগাযোগ উন্নত কৰিব লাগিব ।" এই মন্তব্য জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জেএনইউৰ অধ্যাপক শ্ৰীনাথ কোণ্ডাপাল্লিৰ । ব'ৰ্ডাৰলেন্সে (Boderlens) গুৱাহাটীত শনিবাৰে আয়োজন কৰা 'Eastern Borderlands Dialogue, 2024' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে দক্ষিণ এছিয়াৰ দেশবোৰৰ বাণিজ্য ক্ষেত্ৰখনত চীনৰ আধিপত্য চলি আছে । এই ক্ষেত্ৰত ভাৰতে দক্ষিণ এছিয়াৰ দেশবোৰৰ বাণিজ্য ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ বাবে সাৱধানেৰে খোজ দিব লাগিব ।

ভাৰতৰ টেলিকম উদ্যোগ

"Eastern Borderlands Prospects And Pathways For Enhancing Livelihood, Security And Cross-Border Trade Amidst Transitions" শীৰ্ষক বক্তৃতা দি তেওঁ কয়,"ভাৰতবৰ্ষই এতিয়াও টেলিকম উদ্যোগ তথা ব্যৱস্থাটোত স্বাৱলম্বী হ'ব পৰা নাই । এতিয়াও টেলিকম উদ্যোগ তথা ব্যৱস্থাটো চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে । মোবাইল ব্যৱহাৰ হোৱা একাংশ সামগ্ৰীৰ ৭০ শতাংশ এতিয়াও চীনৰ পৰা আমদানি হয় । এই ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰ দিশটোত সংকট হোৱাৰ সম্ভাৱনা আছে ।

তেওঁ কয়,"ভাৰতে এতিয়াও চীনৰ তথ্য প্ৰযুক্তি অনুসৰণ কৰে । মই ক'ব বিচাৰিছো যে দক্ষিণ পূব এছিয়াত জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি চীনতকৈ পুৰণি । চীনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত জাপান, কোৰিয়া আৰু টাইৱানৰ পৰা অনুসৰণ কৰে । গতিকে ভাৰতে চীনৰ পৰিৱৰ্তে জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি অনুসৰণ কৰা উচিত । ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক চীনৰ পৰিৱৰ্তে জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি অধ্যয়নৰ বাবে প্ৰেৰণ কৰিব লাগে ।"

বাণিজ্যিক উত্তৰণৰ বাবে মুকলি হ'ব লাগে সীমান্ত

তেওঁ লগতে কয়,"১৯৬২ চনৰ পিছৰ পৰা ভাৰতৰ সকলো‌ সীমান্ত বন্ধ কৰি দিয়া হৈছে । যাৰ নেতিবাচক প্ৰভাৱ‌ ভাৰতৰ বাণিজ্য অৰ্থনীতিত পৰিছে । বাণিজ্যৰ বাবে ভাৰতে সীমান্ত মুকলি‌ কৰা প্ৰয়োজন । দক্ষিণ পূৱ এছিয়াৰ দেশৰ লগত বাণিজ্য উন্নত কৰাৰ বাবে সীমান্ত মুকলি কৰি যোগাযোগ উন্নত কৰিব লাগিব ।

তেওঁ উল্লেখ কৰে, "চীনে ভাৰতৰ চেম্বাৰ অৱ কমাৰ্চে, মিডিয়া আৰু থিঙ্ক-টেংকক প্ৰলোভিত কৰি ইয়াৰ প্ৰাচীন উক্তি "ব্যৱসায়ীসকলৰ কোনো মাতৃভূমি নাই" ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল । ফলস্বৰূপে, চীন যোৱা বছৰ ১১৮ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ সৈতে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছিল, য'ত ৮৫ বিলিয়ন ডলাৰৰো অধিক বাণিজ্য উদ্বৃত্ত আছিল । সামগ্ৰিকভাৱে, চীনে যোৱা ডেৰ দশকত ভাৰতৰ পৰা বাণিজ্য উদ্বৃত্ত হিচাপে প্ৰায় ১.৬ ট্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিছে, কিন্তু ই ইয়াৰ এটা সৰু শতাংশও ভাৰতত বিনিয়োগ কৰিবলৈ চীন অনিচ্ছুক ।"

লগতে পঢ়ক :ধান ক্ৰয়ৰ লক্ষ্য: পৰিমাণ হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ত প্ৰাপ্তিৰ দিশে চাৰিটা সংস্থা - Assam Paddy Procurement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.