ETV Bharat / state

পূজা চাবলৈ আহক আৰু মনত ৰাখি যাওক কেইখনমান কিতাপৰ নাম - Duliajan unique Puja Pandal

Puja Pandal in Duliajan: দুলীয়াজানৰ এটা বিশেষ পূজা মণ্ডপ । যি এতিয়া সমাজিক মাধ্যমত বিশেষ চৰ্চা পূজা মণ্ডপটি । কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Duliajan Puja pandal built with the theme of library and book
পূজা চাবলৈ আহক আৰু মনত ৰাখি যাওক কেইখনমান কিতাপৰ নাম (ETV Bharat Assam)

ডিব্ৰুগড়, ৬ অক্টোবৰ: শাৰদ বন্দনাত মুখৰ ৰাজ্য । চমকপ্ৰদ দুৰ্গা পূজা মণ্ডপৰ পয়োভৰ । দুৰ্গোৎসৱলৈ মাজত দুটা দিন । আটক ধুনীয়া দুৰ্গাৰ প্ৰতিমা আৰু পূজা মণ্ডপ নিৰ্মাণ কৰাত এতিয়া ব্যস্ত সকলো । দৰ্শকক চমক দিবলৈ বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ । কলকাতাৰ লগতে আন বিভিন্ন ৰাজ্যৰ পৰা কলা-কুশলী আনি নিৰ্মাণ কৰা হৈছে দুৰ্গা প্ৰতিমা । বিভিন্ন আৰ্হিৰ পূজা মণ্ডপ । ইয়াৰ মাজতে এইবাৰ ডিব্ৰুগড়ৰ দুলীয়াজানত ব্যতিক্ৰমী ৰূপ দেখা গৈছে দুলীয়াজান যুৱ সংঘই অনুষ্ঠিত কৰা জয়ানগৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা মণ্ডপ ।

পূজা মণ্ডপত সাহিত্যৰ চৰ্চা । জিলিকিল পুৰোধা সাহিত্যিকৰ সৃষ্টি । আছে, লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি মহান মনীষীৰ ২০ হাজাৰ গ্ৰন্থ । হয়, চৰ্চালৈ আহিছে দুলীয়াজান যুৱ সংঘৰ দ্বাৰা আয়োজিত জয়ানগৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা মণ্ডপটি এইবাৰ বিশেষ । যিয়ে পূজাৰ আনন্দ-উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে দুলীয়াজান যুৱ সংঘই । গ্ৰন্থৰে পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে জয়ানগৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা মণ্ডপটি ।

অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলৰ সৃষ্টিৰাজিৰ প্ৰতিফলন ঘটাই নিৰ্মাণ কৰা হৈছে মণ্ডপটো । অসমীয়া সাহিত্যৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰি তুলিবৰ বাবে এই প্ৰয়াস উদ্যোক্তাসকলৰ । অসমীযা ভাষা সাহিত্যৰ প্ৰতিজন মহান মনীষীৰ সৃষ্টি এই পূজা মণ্ডপত উপস্থাপন কৰা হৈছে । লক্ষ্মীনাথ বেজবৰুৱা, ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড৹ মামনি ৰয়চম গোস্বামী, ড৹ হীৰেন গোহাঁই, কবি নীলমনি ফুকন, ৰীতা চৌধুৰীকে ধৰি ৰাজ্যৰ সকলো অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থৰে নিৰ্মাণ কৰা হৈছে এই মণ্ডপটো । ফলত পূজাৰ পুৰ্বেই চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে দুলীয়াজানৰ এই পূজা মণ্ডপ ।

প্ৰায় ১৫ লাখ টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে এই পুজা মণ্ডপ । কলকাতাৰ পৰা অহা ১২ জন মৃৎ শিল্পী আৰু শ্ৰমিকে প্ৰায় এটা মাহ ধৰি নিৰ্মাণ কৰিছে এই পুথিভঁৰালৰ আৰ্হিত সজোৱা পূজা মণ্ডপটো । উঠি অহা প্ৰজন্মক আৰু ৰাইজক অসমীয়া গ্ৰন্থসমূহৰ সৈতে পুনৰ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বাহিৰে ভিতৰে গ্ৰন্থৰে সজোৱা এই পূজা মণ্ডপটি সফল হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে । ইফালে এতিয়াৰেই পৰাই মণ্ডপটি চাবলৈ ঢাপলি মেলিছে সকলোৱে ।

লগতে পঢক: উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia

কাজিৰঙাৰ এশিঙীয়া গঁড় চাবলৈ আপুনিও আহিব পাৰে ওদালবাক্ৰালৈ ! - Guwahati unique Puja Pandal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.