ETV Bharat / sukhibhava

Male Infertility: নতুন গৱেষণাৰ ডাঙৰ দাবী, শুক্ৰাণুৰ সংখ্যা দুৰ্বল থকা পুৰুষো হ'ব পাৰে পিতৃ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:13 PM IST

বন্ধ্যাত্বৰ সমস্যা সমগ্ৰ বিশ্বতে দেখা গৈছে । কিন্তু নতুন গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে শুক্ৰাণুৰ সংখ্যা দুৰ্বল থকা পুৰুষেও পিতৃত্বৰ সুখ পাব পাৰে । মেডিকেল লাইফ চাইন্সত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে বন্ধ্যাত্বৰ সমস্যাৰ সন্মুখীন হোৱা পুৰুষে সন্তান জন্ম দিব পাৰে ।

Can a man with low sperm count still father a child?
নতুন গৱেষণাৰ ডাঙৰ দাবী, শুক্ৰাণুৰ সংখ্যা দুৰ্বল থকা পুৰুষো হ'ব পাৰে পিতৃ

এগৰাকী মহিলাৰ দৰে এজন পুৰুষৰ বাবে পিতৃ হোৱাটো জীৱনৰ আটাইতকৈ ডাঙৰ সুখ ৷ পিতৃ হৈ পৰিয়ালটোক আগুৱাই নিয়াটো পুৰুষৰ বাবে কোনো ডাঙৰ সপোনতকৈ কম নহয় ৷ কিন্তু কেতিয়াবা কিছুমান দম্পতী সফল হ’ব নোৱাৰে ৷ চিকিৎসাৰ ক্ষেত্ৰত বন্ধ্যাত্বক ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি গণ্য কৰা হয় ৷

স্বাস্থ্য বিশেষজ্ঞৰ মতে, আজিকালি পুৰুষৰ ক্ষেত্ৰত বন্ধ্যাত্বৰ সমস্যা বহু পৰিমাণে দেখা পোৱা গৈছে ৷ যদি আমি চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা এই কথা বুজো তেন্তে ইয়াৰ অৰ্থ হ’ল পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কম হোৱা বা একেবাৰেই নোহোৱা বুজায় ৷ কিন্তু শেহতীয়া এক গৱেষণাত দাবী কৰা হৈছে যে শুক্ৰাণুৰ সংখ্যা দুৰ্বল হোৱা পুৰুষেও পিতৃত্ব সুখ পাব পাৰে ৷

শেহতীয়াকৈ মেডিকেল লাইফ চাইন্সত প্ৰকাশিত এক গৱেষণাৰ মতে, বহু ক্ষেত্ৰত কম প্ৰজনন ক্ষমতা থকা পুৰুষ আৰু মহিলাগৰাকী সুস্থ হৈ থাকে তেন্তে সন্তান জন্ম দিয়াত সফল হয় ৷ অৱশ্যে এই অধ্যয়নত পুৰুষৰ বন্ধ্যাত্বৰ বিষয়ে ভালদৰে বুজি পোৱাৰ কথাও কোৱা হৈছে ৷

পুৰুষৰ বন্ধ্যাত্বৰ সমস্যাৰ বাবে গৰ্ভধাৰণ সম্ভৱ নহয় ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা সঠিক সময়ত চিনাক্ত কৰি চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ ৷

  • গৱেষণাত কি তথ্য পোহৰলৈ আহিল

এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা বৃদ্ধি পোৱাৰ বহু কাৰণ আছে ৷ ইয়াৰ ভিতৰত পৰিৱেশৰ পৰিৱৰ্তনকে ধৰি বহুতো কাৰক অন্তৰ্ভুক্ত ৷ কিন্তু পুৰুষৰ বন্ধ্যাত্বৰ ক্ৰমবৰ্ধমান সমস্যা দূৰ কৰিবলৈ Medically Assisted Reproduction (MAR) প্ৰযুক্তিৰ ব্যৱহাৰো বৃদ্ধি পাইছে ৷ এইটো এক প্ৰকাৰৰ চিকিৎসা পদ্ধতি, যাৰ দ্বাৰা পুৰুষৰ দুৰ্বল শুক্ৰাণুৰ সংখ্যা শক্তিশালী হয় ৷

  • পুৰুষে কি কৰা উচিত ?

পুৰুষৰ বন্ধ্যাত্বৰ চিকিৎসা কৰাৰ পূৰ্বে চিকিৎসকে সম্পূৰ্ণ মেডিকেল হিষ্ট্ৰী জানি লয়, যাৰ ভিত্তিত এগৰাকী ব্যক্তিক চিকিৎসাৰ পৰামৰ্শ দিয়া হয় ৷ যিকোনো অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে শুক্ৰাণুৰ গুণাগুণ উন্নত কৰিবলৈ প্ৰাকৃতিক পদ্ধতিৰ পৰামৰ্শ দিয়া হয় ৷

  • এই অভ্যাসবোৰেই দায়ী

মেদবহুলতা- মেদবহুলতাও পুৰুষৰ বন্ধ্যাত্বৰ কাৰণ ৷ ইয়াৰ বাবে এণ্ড্ৰজেন আৰু টেষ্টষ্টেৰনৰ বিপাকীয় ক্ৰিয়াও লেহেমীয়া হয় ৷ এই হৰম’নবোৰে পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে ৷

বয়সো ইয়াৰ কাৰণ- স্বাস্থ্য বিশেষজ্ঞৰ মতে, যি দম্পতীৰ বয়স ৩৫ বছৰতৈ অধিক, সেই দম্পতীয়েও গৰ্ভধাৰণত অসুবিধাৰ সন্মুখীন হয় ৷ ৩৫ বছৰৰ পিছত পুৰুষ আৰু মহিলা উভয়ৰে biological clock প্ৰভাৱিত হয় ৷ ইয়াৰ উপৰিও ধূমপান আৰু মদ্যপানো ইয়াৰ এক প্ৰধান কাৰণ ৷

লগতে পঢ়ক: Health Tips: খাদ্য খোৱাৰ পিছত কেতিয়াও নকৰিব এই কাম; অন্যথ স্বাস্থ্যৰ বাবে হ’ব পাৰে ডাঙৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.