ETV Bharat / state

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ ! নংজিৰং গাঁওবাসীৰ চকুলো - no electricity

১৯৫২ চনতেই গঠন হৈছিল কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ । পিছে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ স্বৰ্থত গঠিত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে উন্নয়নৰ পৰিৱৰ্তে লুণ্ঠনহে চলাই আহিছে জিলাখনত । বিগত চৰকাৰসমূহে পাহাৰীয়া জিলাখনত চলায় অহা লুণ্ঠনৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিছে জিলাখনৰ গাওঁ সমূহৰ দূৰৱস্থাই ।

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ
author img

By

Published : Apr 17, 2019, 6:24 AM IST

১৭ এপ্ৰিল, পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনৰ পৰা ৩৫ কি. মি. নিলগৰ অসম মেঘালয় সীমান্তত অৱস্থিত নংজিৰং নামৰ গাওঁখনে উদঙাইছে নিবোকা সাংসদ ৰূপে পৰিগণিত বীৰেনচিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাং অকমণ্যতা ।

আমাৰেং পৰিষদীয় সমষ্ঠিৰ অন্তৰ্গত গাওঁখনৰ জনসংখ্যা হাজাৰৰো অধিক, কিন্তু গাওঁখনত উন্নয়নৰ নামত বিৰাজ কৰিছে এক বৃহৎ শূন্যতাই । কোনো চৰকাৰৰ কোনো এখন নুন্যতম আঁচনিয়ে আজি লৈকে ঢুকি নাপালে গাওঁখনক । সকলো চৰকাৰী আচনিৰ পৰাই বঞ্চিত গাওঁবাসী । নাম শুনিছে যদিও আজিলৈকে গাওঁবাসীয়ে দেখা নাই সাংসদ বীৰেন ছিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি, মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাঙক ।

কাৰ্বি পাহাৰত উন্নয়নৰ ফোঁপোলা স্বৰূপ

আজিও এটুপি খুৱা পানীৰ বাবে গাওঁবাসী নিৰ্ভৰ কৰিব লাগে জুৰিৰ পানীৰ ওপৰত । বিদ্যুৎৰ খুটা আছে যদিও এইপৰ্যন্ত বিদ্যুৎ সংযোগ কৰা নাই কোনো এখন চৰকাৰে । গাওঁবাসীক চিকিৎসাৰ প্ৰয়োজন হ'লেই ৫০০০-৬০০০ টকা খৰছ কৰি যাব লগিয়া হয় হামৰেনৰ অথবা মেঘালয়লৈ । গাওঁখনৰ অধিকংশ শিশুৰ নাই জন্মৰ পঞ্জীয়ন পত্ৰ । শিক্ষাৰ নামত এখন চৰকাৰী বিদ্যালয় আছে যদিও শিক্ষকৰ অভাৱ হোৱাত এজন ব্যক্তিগত শিক্ষক গাওঁ বাসীয়ে নিযুক্তি দি পাঠদানৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে । প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবত শিক্ষকক ১০০ টকাকৈ বৰঙনি দিয়ে অভিভাৱক সকলে । এইপৰ্যন্ত লোকে লাভ কৰা নাই চৰকাৰী ঘৰ অথবা শৌচালয় । এতিয়া প্ৰশ্ন হৈছে

ৰাজনৈতিক দলৰ নেতাসকলে চিঞৰি থকা উন্নয়নৰ প্ৰকৃত ছবিখন কেতিয়াবা দেখিবলৈ পোৱা যাবনে এনেবোৰ ভিতৰুৱা গাঁৱত ।

Intro:১৯৫২ চনতেই প্ৰতিষ্ঠিত হোৱা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ বিগত চৰকাৰ সমূহে পাহাৰিয়া জিলাখনত চলায় আহা লোনঠনৰ ছবিখনৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিছে পাহাৰীয়া জিলাখনৰ গাওঁ সমূহৰ দূৰবস্থাই। Body:পচ্ছিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনৰ পৰা ৩৫ কি. মি. দূৰত্বত অসম মেঘালয় সীমান্তত অৱস্থিত নংজিৰং নামৰ গাওঁখনে উদঙাই দেখুৱাইছে নিবোকা সাংসদ ৰূপে পৰিগণিত বীৰেনচিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি আৰু ভালদিনৰ সপোন দেখোৱা বিজেপিৰ নামাবলি গাত আৰিলোৱা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাং টেটুফালি চিঞৰা উন্নয়নৰ প্ৰকৃত স্বৰূপ । আমাৰেং পৰিষদিয় সমষ্ঠিৰ অন্তৰ্গত গাওঁখনৰ জনসংখ্যা প্ৰায় সহস্ৰাধিক কিন্তু উন্নয়নৰ নামত বিৰাজ কৰিছে এক বৃহৎ শুন্যতাই। কোনো চৰকাৰৰ কোনো এখন নুন্যতম আঁচনিয়ে আজি লৈকে ধুকি নাপালে। গাওঁবাসীৰ বঞ্ছিত সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰা। গাওঁবাসীয়ে নাম শুনিছে যদিও আজিলৈকে দেখা নাই সাংসদ বীৰেন ছিং ইংতি, স্থানীয় বিধায়ক ডা: মানচিং ৰংপি, মুখ্য কাৰ্যবাহী সদস্য তোলিৰাম ৰংহাং। এটুপি খুৱা পানীৰ বাবে নিৰ্ভৰ কৰিব লগিয়া হয় জুৰিৰ পানীৰ ওপৰত।বিদ্যুতৰ খুতা আছে যদিও বিদ্যুত যোগান ধৰা নাই কোনো এখন চৰকাৰে বিগত ১৫ বছৰে। স্বাস্থ্য সেৱাৰ বাবে ৫০০০-৬০০০ টকা খৰছ কৰি যাব লগিয়া হয় হামৰেনৰ অথবা মেঘালয়লৈ। গাওঁখনৰ প্ৰাই অধিকংশ শিশুৰ নাই জন্মৰ পঞ্জীয়ন পত্ৰ। শিক্ষাৰ নামত এখন চৰকাৰি বিদ্যালয় আছে যদিও শিক্ষকৰ অভাৱ হোৱাত এজন ব্যক্তিগত শিক্ষক গাওঁ বাসীয়ে নিযুক্তি দিয়ে। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবত শিক্ষকক ১০০ টকাকৈ বৰংনি দিয়ে। কোনো লোকে লাভ কৰা নাই চৰকাৰী ঘৰৰ আঁচনী বা শৌচালয়।

ৰাজনৈতিক দলৰ নেতা সকলে চিঞৰি থকা উন্নয়নৰ ছবিখন কেতিয়া দেখা দিব অসমৰ চোকেকোনে থকা এনেবোৰ গাওঁত।

পচ্ছিম কাৰ্বি আংলংৰ পৰা ৰেকিবুৰ ৰহমানConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.