ETV Bharat / state

ওদালগুৰিৰ সঞ্জনাই বাদ দিছে চাৰ্টাৰ্ড একাউন্টেত হোৱাৰ ইচ্ছা ! - ETV_ASSAM

দৰিদ্ৰতা বাধা হ'ব নোৱাৰে অধ্যয়নৰ ক্ষেত্ৰত কিন্তু উচ্চ শিক্ষাৰ বাবে যে যথেষ্ট টকাৰ প্ৰয়োজন এই কথা বুজিয়েই যেন চাৰ্টাৰ্ড একাউন্টেত পঢ়াৰ ইচ্ছা বাদ দিছে দৰিদ্ৰ পৰিয়ালৰ সঞ্জনাই ৷

ওদালগুৰিৰ সঞ্জনাই বাদ দিছে চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ ইচ্ছা !
author img

By

Published : May 26, 2019, 5:37 PM IST

ওদালগুৰি, 26 মে' : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত 4 টা বিষয়ত লেটাৰ নম্বৰ সহ 81.6% নম্বৰ লাভ কৰিব সক্ষম হৈছে ওদালগুৰিৰ সঞ্জনাই । সঞ্জনাৰ পিতৃ ৰাজেন ছেত্ৰী পেচাত এজন ডাম্পাৰ চালক‌ ৷ পিতৃয়ে কৰ্ম সূত্ৰে ঘৰৰ বাহিৰত থকা বাবে মাতৃ বিনু ছেত্ৰীয়ে ঘৰৰ সমস্ত কাম কৰিব লগা হোৱাত মাতৃক বিভিন্ন কামত সহায় কৰি দিছিল সঞ্জনাই । কেতিয়াবা আৰ্থিক অসুবিধাৰ বাবে থমকিও ৰ'ব লগা হৈছিল ছাত্ৰী গৰাকী । কিন্তু ইমানৰ পিছতো হাৰ মনা নাছিল কৃতী ছাত্ৰী সঞ্জনা । অৱশেষত নানা বাধাৰ মাজতো সফলতাৰে সঞ্জনা উত্তীৰ্ণ হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। সঞ্জনা সফলতাৰে উত্তীৰ্ণ হোৱা বাতৰি পোৱাৰ লগে লগে ওচৰ চুবুৰীয়াৰ লগতে শুভাকাংক্ষী সকল উপস্থিত হয় সঞ্জনাৰ ঘৰত । কিন্তু কন্যাৰ সফলতাৰ বাতৰি লাভ কৰিও কৰ্তব্যৰ খাতিৰত ঘৰলৈও আহিব নোৱাৰিলে পিতৃ ৷

ইফালে সাংবাদিকৰ আগত ছাত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে, সঞ্জনাৰ একাউন্টেন্ট পঢ়াৰ যথেষ্ট ইচ্ছা আছে ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ মন যদিও কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে যেন ছাত্ৰী গৰাকীয়ে এই আশা এক প্ৰকাৰে বাদেই দিছে ৷ সেয়ে এই ক্ষেত্ৰত কৃতি ছাত্ৰী গৰাকীক সহায় কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷ অৱশ্যে দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰীগৰাকীলৈ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ চকু পৰেনে নাই সেইয়া সময়তহে লক্ষণীয় হ'ব ৷

Intro:ওদালগুৰিৰ ডাম্পাৰ চালকৰ কন্যাৰ সাফল্য।

Body:দৰিদ্ৰতা বাধা হব নোৱাৰে অধ্যয়নৰ ক্ষেত্ৰত । ইয়াকে যেন প্ৰমাণিত কৰিলে ওদালগুৰিৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন‍্যা চঞ্জনা চেত্ৰীয়ে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৪ টা বিষয়ত লেটাৰ নম্বৰ সহ ৮১.৬% নম্বৰ লাভ কৰিব সক্ষম হৈছে ওদালগুৰিৰ সঞ্জনাই। স্থানীয় এছবোফৰ্ড অকাডেমিৰ পৰা অধ্যয়ন কৰা সঞ্জনাৰ পিতৃ ৰাজেন ছেত্ৰী এজন ডাম্পাৰ চালক‌ । পিতৃয়ে কৰ্ম সূত্ৰে ঘৰৰ বাহিৰত থকা বাবে মাতৃ বিনু ছেত্ৰীৰ ঘৰৰ সমস্ত কাম কৰিব লগা হোৱাত মাতৃক বিভিন্ন কামত সহায় কৰি দিছিল সঞ্জনাই। কেতিয়াবা আৰ্থিক অসুবিধাৰ বাবে থমকিও ৰব লগা হৈছিল ছাত্ৰী গৰাকী। কিন্তু ইমানৰ পিছতো হাৰ মনা নাছিল কৃতি ছাত্ৰী চঞ্জনা । অৱশেষত নানা বাধাৰ মাজতো সফলতাৰে সঞ্জনাই উত্তীৰ্ণ হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। সঞ্জনা সফলতাৰে উত্তীৰ্ণ হোৱা বাতৰি পোৱাৰ লগে লগে ওচৰ চুবুৰীয়াৰ লগতে শুভাকাংক্ষী সকল উপস্থিত হল চঞ্জনাৰ ঘৰত। কিন্তু কন্যাৰ সফলতাৰ বাতৰি লাভ কৰিও কামৰ পৰা আহিব নোৱাৰিলে ডাম্পাৰ চালক হিচাপে কর্মৰত পিতৃ ৰাজেন ছেত্ৰী। আনহাতে সাংবাদিকৰ আগত সঞ্জনাই চাৰ্টাৰ একাউণ্টেন পঢ়াৰ ইচ্ছা প্ৰকাশ কৰে । অৱশ্যে আৰ্থিক অসুবিধাৰ বাবে এই আশা এক প্ৰকাৰে বাদ দিছে সঞ্জনাই। কৃতি ছাত্ৰী গৰাকীয়ে সপোনত বাধা দিবলৈ যেন পুনৰ হেঙাৰ হৈ থিয় দিছে দৰিদ্ৰতাই। এই ক্ষেত্ৰত কৃতি ছাত্ৰী গৰাকীক সহায় কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। অৱশ্যে দৰিদ্ৰ পৰিয়ালৰ কৃতি ছাত্ৰী গৰাকীলৈ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ চকু পৰেনে নাই সেইটো সময়তহে গম পোৱা যাব

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.