ETV Bharat / state

ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে চৌদিশে বিভিষীকাৰ সৃষ্টি কৰাৰ সময়তেই ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰই দঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ নগ্ন-স্বৰূপ ৷ মাহৰ পিছত মাহ এনেদৰে পৰিত্যক্ত অৱস্থাত থকাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ কেন্দ্ৰটোৰ চাৰিওফালে ঘন-জংঘলে আৱৰি ধৰি এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷

author img

By

Published : Jun 4, 2021, 2:32 PM IST

Updated : Jun 4, 2021, 7:28 PM IST

As_udl_routa-health-center-poor-condition_vis_10067
ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

ওদালগুৰি, 4 জুন : স্বাস্থ্য সেৱাৰ পৰিৱৰ্তে সাপ-ভেকুলীৰ বাসস্থানলৈ পৰ্যবসিত হৈছে এটা স্বাস্থ্য কেন্দ্ৰ ৷ ক্ৰমাৎ ভূত বাংলাত পৰিণত হোৱা এই স্বাস্থ্য কেন্দ্ৰটোৱে উদঙাইছে স্বাস্থ্য বিভাগৰ পঁয়ালগা ছবিখন ৷ কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে চৌদিশে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তেই ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ নগ্ন-স্বৰূপ ৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সেৱাৰ স্বাৰ্থত এক সুদূৰ প্ৰসাৰী পদক্ষেপ হিচাপে ১৯৮৬ চনতে স্থাপন কৰা হৈছিল আমিনপাৰাৰ এই উপ-স্বাস্থ্য কেন্দ্ৰটো । কেন্দ্ৰটো স্থাপনৰ কেইবা দশক পাৰ হৈ গ’ল; কিন্তু আজিকোপতি এজন চিকিৎসক নিযুক্তি দিয়া নহ’ল কেন্দ্ৰটোত ।

স্বাস্থ্য কেন্দ্ৰটোত নামমাত্ৰ এগৰাকী এ এন এম নাৰ্চ নিযুক্তি দিছে যদিও ৰাইজৰ অভিযোগ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত নহয় নাৰ্চগৰাকী । সৌভাগ্যক্ৰমে এদিন অলপ সময়ৰ বাবে এভুমুকি মাৰি গুচি যোৱাৰ পিছত মাহৰ পিছত মাহ পাৰ হৈ যায়, কিন্তু দুৰ্ভগীয়া ৰাইজে নাৰ্চ বাইদেউৰ ছাঁটোকে বিচাৰি নাপায় । ফলত এই মহামাৰীৰ জটিল সময়তো বৃহত্তৰ অঞ্চলটোৰ ৰাইজ প্ৰাথমিক চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে ।

আনহাতে, মাহৰ পিছত মাহ এনেদৰে পৰিত্যক্ত অৱস্থাত থকাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওকাষে ঘন জংঘলে আৱৰি ধৰি এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ পৰিৱৰ্তনকামী চৰকাৰৰ খনৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ এনে পঁয়ালগা দৃশ্য দেখি সচেতন ৰাইজে দুঃখ প্ৰকাশ কৰাৰ সমান্তৰালকৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ্থে উপ-স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি এজন চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক- মাৰ্চতে দিয়া এক পত্ৰত আছে ভয়ংকৰ নিৰ্দেশনা

Last Updated : Jun 4, 2021, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.