ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

author img

By

Published : Mar 12, 2019, 12:52 AM IST

ৰাজনৈতিক দলক লৈ অনুষ্ঠিত কৰিলে বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ওদালগুৰি, ১১ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনলৈ সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন । সোমবাৰে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ৰাজনৈতিক দল আৰু সাংবাদিকসকলক সম্বোধন কৰি নিৰ্বাচনৰ প্ৰাথমিক নিয়ম আৰু জিলা প্ৰশাসনৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস,অতিৰিক্ত উপায়ুক্ত( নিৰ্বাচনী) অমৰ জ্যোতি বৰ্মন আৰু নিৰ্বাচনী বিষয়া নিলোৎপল পাঠকে । নিৰ্বাচন সফলভাবে অনুষ্ঠিত কৰিবলৈ সকলোৰে সহযোগিতাও বিচাৰিলে জিলা প্ৰশাসনে । উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ৪৩৪৬০৩ গৰাকী আৰু ভোট কেন্দ্ৰৰ সংখ্যা হ'ল ৫৮১ টা । ইপিনে অতি কম সময়ৰ ভিতৰতে নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰা বিষয়া সকলক প্ৰশিক্ষণ দিয়া হ'ব বুলিও জনায় জিলা প্ৰশাসনে ।

Intro:লোক সভা নিৰ্বাচৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন। ৰাজনৈতিক দলক লৈ অনুষ্ঠিত কৰিলে বৈঠক

Body:

সমাগত লোক সভা নিৰ্বাচনলৈ সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন। আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত ৰাজনৈতিক দল আৰু সাংবাদিক সকলক সম্বোধন কৰি নির্বাচনীৰ প্ৰাথমিক নিয়ম আৰু জিলা প্ৰশাসনৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস অতিৰিক্ত উপায়ুক্ত ( নিৰ্বাচনী) অমৰ জ্যোতি বৰ্মন আৰু নির্বাচনী বিষয়া নিলোৎপাল পাঠকে। সভা খনত নিৰ্বাচন সফল ভাবে অনুষ্ঠিত কৰিবলৈ সকলোৰে সহযোগিতা জিলা প্ৰশাসনে । আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ, বিপিএফৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিদিয়ে অংশ গ্ৰহণ কৰাৰ লগতে সাংবাদিক সকলেও অংশ গ্ৰহণ কৰে। প্ৰশাসনে বৰ্তমানলৈ ভোটাৰ তালিকাৰ অন্তৰ্ভুক্ত হোৱা জিলা খনৰ অন্তৰ্গত তিনিটা বিধান সভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ৪৩৪৬০৩ গৰাকী বুলি জনোৱাৰ লগতে ভোট কেন্দ্রৰ সংখ্যা হল ৫৮১ টা বুলি উল্লেখ কৰে । অতি কম সময়ৰ ভিতৰতে নিৰ্বাচনত দায়িত্ব অৰ্পণ কৰা বিষয়া সকলক প্ৰশিক্ষণ দিয়া হব বুলিও জনাই জিলা প্ৰশাসনে। ইয়াৰ পূর্বে জিলাৰ উপায়ুক্ত গৰাকীয়ে ওদালগুৰিৰ আৰক্ষী অধীক্ষক আৰু জিলা খনৰ বিভিন্ন থানাৰ আৰক্ষী বিষয়া সকলৰ লগতো বৈঠকত মিলিত হয়

byt - DC

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.