মাজবাট, 29 জুন : ওদালগুৰি জিলাৰ মাজবাটত আজিও অব্যাহত আছে ড্ৰাগছ-গাঞ্জাৰ অবৈধ বেহা ৷ কিছু দিনৰ পূৰ্বে মাজবাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা পাচতে পুনৰ বৃহৎ পৰিমাণ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ নিষিদ্ধ গাঞ্জাৰ লগতে মাজবাট আৰক্ষী আটক কৰিছে এজন সৰবৰাহকাৰীক ৷
জানিব পৰা মতে, মাজবাট আৰক্ষীয়ে মঙলবাৰে গোপন সূত্ৰৰ পম খেদি গাঞ্জাৰ বিৰুদ্ধে পুনৰ এক অভিযান চলায় ৷ অভিযানত 20 কিল’গ্ৰাম গাঞ্জা জব্দ কৰে মাজবাট আৰক্ষীয়ে ৷ ফিৰোজ দৈমাৰী নামৰ এজন গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷
বৰ্তমান মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নাওঁহেৰুৱা গাঁৱৰ নিবাসী ফিৰোজ দৈমাৰী নামৰ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
ইয়াৰ পূৰ্বে 7 জুনত মাজবাট আৰক্ষীয়ে এক অভিযান চলাই মাজবাট অঞ্চলৰ ৰঙাপানীৰ পৰা 25 কিল’গ্ৰাম গাঞ্জা জব্দ কৰিছিল ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, মাজবাট অঞ্চলৰ ৰঙাপানীত নিশা চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাত মাজবাট আৰক্ষীৰ তহলদাৰী এটা দলে জব্দ কৰে গাঞ্জাখিনি । অৱশ্যে আৰক্ষীৰ দলটোক দেখিয়েই গাঞ্জা সৰবৰাহকাৰীজন চাইকেল এৰি পলায়ন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: বিশ্বৰ সবাতোকৈ সৰু চামুচ ! আপুনি দেখিছে নে ?