ওদালগুৰি, 16 এপ্ৰিলঃ মঙলবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বীৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ ৷ ওদালগুৰি জিলাৰ কৃষক কমল চৌহানৰ জ্যেষ্ঠ সন্তান বিশ্বজিতে 2014 চনত চি আৰ পি এফত যোগদান কৰিছিল ৷ বিগত দূৰ্গাপূজাত শেষবাৰৰ বাবে নিজ গৃহলৈ আহিছিল বিশ্বজিৎ ৷ সোমবাৰে ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত গিৰিধত হোৱা এক সংঘৰ্ষত শ্বহীদ হয় বিশ্বজিৎ ৷ শ্বহীদ হোৱাৰ পূৰ্বেই তিনিগৰাকীকৈ মাওবাদীক গুলীয়াই নিহত কৰিবলৈ সক্ষম হৈছিল বিশ্বজিতে ৷
নিশাই বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিচত নিজ গৃহলৈ লৈ অনা হয় বিশ্বজিতৰ পাৰ্থিৱ শৰীৰ ৷ মঙলবাৰে দিনৰ ভাগত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত, অসম আৰক্ষীৰ 21 টোপৰ চালামীৰ অন্তত শেষকৃত্য সম্পন্ন কৰা হয় বিশ্বজিতৰ ৷ শেষকৃত্য অনুষ্ঠানত চি আৰ পি এফৰ শীৰ্ষ বিষয়া, অসম আৰক্ষী, অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে ৷