ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত নিষিদ্ধ হেৰইনসহ আটক দুজন

author img

By

Published : Sep 3, 2020, 4:02 PM IST

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত জব্দ ড্ৰাগছ ৷ দুজনক আটক ৷ বিগত ছমাহত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক।

DRUGS PADDLER ARREST IN ASSAM NAGALAND BOARDER ASSAM NEWS

ডিফু,৩ ছেপ্তেম্বৰঃ কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্যই আৰক্ষীৰ নিদ্ৰা হৰণ কৰি থকাৰ সমান্তৰালকৈ এইক্ষেত্ৰত আৰক্ষীয়েও লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য সফলতা ৷ শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং জিলা আৰক্ষীয়ে নাগালেণ্ড সীমামূৰীয়া এলেকাত একাধিক অভিযান চলাই বহু পৰিমানৰ ড্ৰাগছসহ কেবাজনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

বৃহস্পতিবাৰে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে প্ৰায় ৩০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন দুই যুৱক ক্ৰমে, বাঁশকান্দিৰ ৰবীন সিং আৰু মণিপুৰৰ সেনাপতি জিলাৰ কুমৌ কাইডাই। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ'চি মৌবলিক ব্ৰহ্ম, বৰপথাৰ থানাৰ চিআই ভূপেন কলিতা আৰু ষ্টাফসহ অভিযান চলাই ডিমাপুৰৰ পৰা আনি থকা অৱস্থাত আৰক্ষীয়ে ২৩ টাকৈ চাবোনৰ বাকছত ২৯৬,৫২ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্রায় ২৩ লাখ টকা বুলি জানিব পৰা গৈছে । বিগত ছমাহত আৰক্ষী বিষয়াজনৰ নেতৃত্বত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.