তিনিচুকীয়া, 25 অক্টোবৰ : বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ সহযোগত 24 অক্টোবৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ হাপজান গাঁৱৰ পুৰণি বিহুখোলাত বিশ্ব হলৌ দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ প্ৰথম দিনটোত পুৱা হলৌ পৰিদৰ্শন কৰি বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি দিপ্লৱ চুতীয়াই আৰু অলপতে অকাল মৃত্যুক সাৱটি লোৱা কলীয়া নামৰ হলৌটোৰ স্মৰণত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণে ৷
তদুপৰি গাঁৱত ভকত আৰু আইসকলে কলীয়াৰ সোঁৱৰণত এক মাংগলিক অনুষ্ঠান সম্পন্ন কৰে ৷ ইয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ইফালে দিৱসৰ দ্বিতীয় দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে পুৱা বাৰেকুৰি আঞ্চলিক যুৱ সংঘ কাৰ্য়ালয়ৰ চৌহদৰ পৰা দীঘলসাঁকো বিহুখোলালৈ এক সজাগতামূলক সমদল বাহিৰ কৰা হয় ৷ শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷
শোভাযাত্ৰাৰ অন্তত কমলেশ্বৰ চেতিয়াৰ সভাপতিত্বত এখনি মুকলি সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা মনজিৎ বৰঠাকুৰ, আৰণ্যকৰ উপ-সভাপতি দিলীপ ছেত্ৰী, বিশিষ্ট পৰিৱেশ কর্মী মুহিত চুতীয়া, বাৰেকুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ বিকি শ্বাহ, মৰাণ জাতীয় মহিলা পৰিষদৰ হেমাঞ্জলী চুতীয়া, শিক্ষয়িত্ৰী মমী সন্দিকৈ, বেবী সোণোৱাল, পৰিৱেশ কৰ্মী নিৰন্ত গোহাঁই আদি উপস্থিত থাকি বাৰেকুৰিৰ হলৌ পৰ্যটন আৰু বন্যপ্ৰাণী সজাগতা, গ্ৰাম্য পর্যটন, পৰিৱেশ সংৰক্ষণ আদি বিষয়ত বক্তব্য ৰাখে ৷ সভাৰ মাজতে জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলে দলীয় নৃত্য, অনামিকা গোহাঁই আৰু অংকিতা চুতীয়াৰ একক নৃত্য, ন-মটাপুং গাঁৱৰ আই-মাতৃসকলে খেৰী পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে ৷
লগতে পঢ়ক : Ban imposed at picnic spots: শোণিতপুৰৰ বনভোজস্থলীত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি