তিনিচুকীয়া, 8 এপ্ৰিল : কুইপ’ৰ পিছত এইবাৰ টাটা চাহ কোম্পানীক ভাবুকি প্ৰদান কৰিছে আলফা(স্বাঃ)এ ৷ থলুৱাক নিযুক্তি নিদিয়াৰ অভিযোগত চাহ কোম্পানীটোক ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে ৷ মাৰ্ঘেৰিটাত এক শাখা কাৰ্যালয় থকাৰ বিপৰীতে চাহ কোম্পানীটোৰ মুখ্য কাৰ্যালয় ৰাজ্যৰ বাহিৰত হোৱাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে আলফা (স্বাঃ)এ ।
অচিৰেই কোম্পানীটোৰ সদৰ কাৰ্যালয় অসমলৈ ওভতাই অনা আৰু থলুৱাক নিযুক্তি দিয়াৰ দাবী জনাইছে আলফা(স্বাঃ)এ । অন্যথা আলফাই কোম্পানীটোক অসমত ব্যৱসায় চলোৱাত বাধা প্ৰদান কৰিব বুলি জাননীত উল্লেখ্য কৰিছে ।
তদুপৰি জাননীত উল্লেখ কৰা অনুসৰি কুইপ‘ৰ দৰে চাহ কোম্পানীটোৰ বিষয়-ববীয়াক বিভিন্ন সঞ্চালনাত বাধা দিব আলফাই । আলফাৰ এই চিঠিখনক সংগঠনটোৱে কঠোৰ সিদ্ধান্তৰ বাৰ্তা বুলিও উল্লেখ কৰিছে ।
লগতে পঢ়ক : অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা