তিনিচুকীয়া,26জানুৱাৰীঃ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই উৰিল তিনিচুকীয়াত আলফা (স্বা)ৰ পতাকা । তিনিচুকীয়াৰ বাৰেকুৰিৰ ডেংকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ আলফা স্বাধীনৰ পতাকাখন । গণৰাজ্য দিৱসৰ দিনাই বিদ্যালয় খনৰ চৌহদত আলফাৰ পতাকা উদ্ধাৰৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।
৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা অৱশ্যে বিদ্যালয় চৌহদত আলফাৰ পতাকা উৰুওৱা কাৰ্যত প্ৰকৃততে আলফা নে আন কোনো দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্য সংঘটিত কৰিলে এইপৰ্যন্ত পোহৰলৈ অহা নাই ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত গণৰাজ্য দিৱসৰ দিনাই বিদ্যালয় চৌহদত আলফাৰ পতাকা উৰুৱাত উজনি অসমত আলফাৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা বুলিও চৰ্চা হৈছে বিভিন্ন মহলত । সম্প্ৰতি সমগ্ৰ টনাৰ ওপৰত এতিয়া তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া প্ৰশাসনে।
লগতে পঢ়কঃ গোলাঘাটত উৰিল আলফাৰ পতাকা