ETV Bharat / state

চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ - আলফা

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক হয় চাৰিগৰাকী আলফা (স্বা) কেডাৰ ৷ দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ 6 নং আৰু 9 নং ৰেজিমেন্টে অভিযানত আটক হয় কেডাৰ কেইজন ৷

as_tsk_01_ulfa_exclusive_7203862
as_tsk_01_ulfa_exclusive_7203862
author img

By

Published : Jun 26, 2020, 3:08 PM IST

তিনিচুকীয়া, 26 জুনঃ দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ 6 নং আৰু 9 নং ৰেজিমেন্টে অভিযানত শুকুৰবাৰে, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা)ৰ সদস্য ৷ আটকাধীন কেডাৰ কেইগৰাকীৰ পৰা তিনিটা আমেৰিকা আৰু চীনত নিৰ্মিত 0.32 এমএম পিস্তল, ম্যানমাৰত নিৰ্মিত এটা 7.65 এমএম পিস্তল, চাৰিটা মেগজিন, 8 জাঁই সজীৱ গুলী আৰু এটা ২০ জাঁই সজীৱ গুলীসহ এ.কে. মেগজিন, মোবাইল ফোন জব্দ কৰে ৷

অৰুণাচলৰ চাংকা হাবিত আটক আলফা (স্বা) কেডাৰ

আটকাধীন কেডাৰ কেইগৰাকী ক্ৰমে মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, চাৰ্জেন্ট অৰূপ দুৱৰা ওৰফে আঞ্চন অসম, চাৰ্জেন্ট সুৰজিৎ দুৱৰা ওৰফে খামন অসম আৰু চাৰ্জেন্ট জিন্টু অসম বুলি জানিব পৰা গৈছে ৷ আটকাধীন কেডাৰ কেইগৰাকীয়ে ম্যানমাৰৰ টাগাত প্ৰশিক্ষণ গ্ৰহণ কৰি, উজনি অসমত ধন দাবীৰ লগতে নতুন সদস্য ভৰ্তিৰ অভিযানত জড়িত থকা বুলি উল্লেখ কৰে সেনা সূত্ৰই ৷ ইতিমধ্যে আটাইকেইগৰাকী কেডাৰক ভাৰতীয় সেনাই গতাই দিয়ে চাংলাং লাজু আৰক্ষী চকীত ৷

অসম ৰাইফলছৰ 6 নং আৰু 9 নং ৰেজিমেন্ট দলৰ অভিযানত আটক কেডাৰ কেইজন

লগতে পঢ়কঃ মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.