ETV Bharat / state

Tinsukia Municipality Vice Chairman Resign: তিনিচুকীয়াৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাৰ পদত্যাগ - তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা

তিনিচুকীয়া পৌৰসভাৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাৰ পদত্যাগ(Tinsukia Municipality Vice Chairman Resign) ৷ দলৰ নিৰ্দেশ অনুসৰি পদত্যাগ কৰে নৱনীতা আগৰৱালাই ৷ তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাক মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সমান্তৰালভাৱে জিলা উপায়ুক্তক পৌৰপতিগৰাকীয়ে পদত্যাগৰ পত্ৰও প্ৰেৰণ কৰে ৷

Tinsukia Municipality Vice Chairman Resign
তিনিচুকীয়াৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাৰ পদত্যাগ
author img

By

Published : Dec 28, 2022, 9:00 PM IST

তিনিচুকীয়া, ২৮ ডিচেম্বৰ: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক(Tinsukia Municipality Chairman Expelled) মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সমান্তৰালভাৱে জিলা উপায়ুক্তক পৌৰপতিগৰাকীয়ে পদত্যাগৰ পত্ৰও প্ৰেৰণ কৰে ৷ তাৰ সমান্তৰালভাৱে আজি দলীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰি তিনিচুকীয়া পৌৰসভাৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাই উপ-পৌৰপতি পদৰ পৰা পদত্যাগ কৰি জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে(Tinsukia Municipality Vice Chairman Resign) ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া পৌৰসভাখন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ(Labour Welfare Minister Sanjay Kishan) ইচ্ছা অনুসৰি গঠন কৰাৰ কিছুদিনৰ পাচৰে পৰাই পৌৰসভাই চহৰখনৰ উন্নয়নৰ পৰিবৰ্তে নিজৰ মাজত খোৱা-কামোৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছিল ৷ তিনিচুকীয়া পৌৰসভা ১৫ টা ৱাৰ্ডৰ ১৩ ৱাৰ্ড বিজেপিৰ, ১টা ৱাৰ্ড আম আদমী পাৰ্টীৰ আৰু ১টা ৱাৰ্ড নিৰ্দলীয়ৰ দখলত থকাৰ পাছতো শাসকীয় দলৰ ৱাৰ্ড কমিচনাৰসকলৰ সংঘাত হৈছিল পৌৰপতিগৰাকীৰ সৈতে(Tinsukia Municipal Board ) ৷

Tinsukia Municipality Vice Chairman Resign
তিনিচুকীয়াৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাৰ পদত্যাগ

এইক্ষেত্ৰত পৰৱৰ্তী সময়ত নিজে গঠন কৰা পৌৰপতিক আঁতৰাবলৈ উঠি পৰি লাগিছিল শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ(Labour Welfare Minister Sanjay Kishan) লগতে অধিকাংশ ৱাৰ্ড কমিচনাৰ ৷ এটা সময়ত অনাস্থা পৰ্যন্ত অনা হৈছিল ৷ বাৰম্বাৰ দলৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত কেইবাবাৰো আলোচনাত বহিছিল পৌৰসভাৰ দুয়োটা ফৈদ ৷

লগতে পঢ়ক : Tinsukia Municipality Chairman Expelled: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ

দলৰ তৰফৰ পৰা শেষ সিদ্ধান্ত হিচাপে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা(Tinsukia Municipal Board chairman) আৰু উপ-পৌৰপতি নৱনীতা আগৰৱালাক(Tinsukia Municipal Board vice chairman) পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল বুলি জানিব পৰা গৈছে ৷ অৱশেষত আজি উপ-পৌৰপতি নৱনীতা আগৰৱালাই নিজৰ পদবীৰ আসনৰ পৰা জিলা উপায়ুক্তক পদত্যাগ পত্ৰ প্ৰদান কৰে ৷

আনহাতে, তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক(Tinsukia district BJP General Secretary) হোৱাৰ পাছতো পুলক চেতিয়াই মাথোঁ পৌৰপতি হোৱাৰ আশাতে ৱাৰ্ড কমিচনাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সেই আশাত চেঁচাপানী পৰিছিল ৷ কিন্তু এতিয়া পুনৰ এই ঘটনাই যেন ৱাৰ্ড কমিচনাৰ তথা জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াৰ পৌৰপতি হোৱাৰ পথ মুকলি কৰিছে ৷

বিজেপিৰ পৰা বহিস্কৃত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা

উল্লেখযোগ্য যে, ১৫ টা ৱাৰ্ডৰ বিজয়ী ৱাৰ্ড কমিচনাৰৰ সমৰ্থনত ৮ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী জয়ন্ত বৰুৱাক তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৷ একেদৰে ১২ নং ৱাৰ্ডৰ প্ৰাৰ্থী নৱনীতা আগৰৱালাক উপ-পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷ 12 এপ্ৰিলত তিনিচুকীয়া জিলাৰ পৌৰসভা কাৰ্যালয়ৰ প্ৰাংগণত তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত প্ৰাৰ্থীসকলে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : তিনিচুকীয়াত পৌৰসভাৰ নতুন সমিতিৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.