ETV Bharat / state

গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ - লেকাং আঞ্চলিক সমিতি

তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ, ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে বিশাল গণ গৰ্জন কাৰ্যসূচী৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধত এই কাৰ্যসূচী ৷

Tinisukiya CAA protest
গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ আকাশ বতাহ
author img

By

Published : Dec 23, 2019, 11:07 PM IST

তিনিচুকীয়া, 23 ডিচেম্বৰঃ ৰাজ্যজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে তিনিচুকীয়াৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ, ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে বিশাল গণ গৰ্জন কাৰ্যসূচী ৷ মৰাণ ছাত্ৰ সন্থাৰ আহ্বানত স্বতঃস্ফূৰ্তভাৱে প্ৰায় দহ-সহস্ৰাধিক ৰাইজে অসমীয়া জাতিৰ স্বাভিমান, অস্তিত্ব ৰক্ষা কৰিবলৈ ওলাই আহে ৷ আনহাতে সহস্ৰাধিক ৰাইজ একত্ৰিত হৈ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিবলৈ মৰণপণ সংকল্প গ্ৰহণ কৰে ঐতিহাসিক কাকপথাৰ ৰাজহুৱা খেলপথাৰত ৷

গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ আকাশ বতাহ

ইয়াৰ উপৰিও অৰুণাচলত বসবাস কৰি অহা ভূমিপুত্ৰ মৰাণ সকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈও অৰুণাচল চৰকাৰক দাবী জনাই ছাত্ৰ সংগঠনটোৱে ৷ এই গণ গৰ্জন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ সুৰজিত মৰাণ ইত্যাদি নেতাই ৷

আৰু পঢ়কঃ ৰাজ্যত শাম কটা নাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ

Intro:STORY:-C(A)Aবাতিলৰ দাবীত দহ সহস্ৰাধিক জনতাই গৰ্জিলে কাকপথাৰত

তিনিচুকীয়া,২৩ ডিচেম্বৰঃ-ৰাজ্যজুৰি অব্যাহত আছে কা’ বিৰোধী প্ৰতিবাদ৷সোমবাৰে তিনিচুকীয়াৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ,ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে বিশাল গণ গৰ্জন কাৰ্যসূচী৷ মৰাণ ছাত্ৰ সন্থাৰ আহবানত স্বতঃস্ফূৰ্তভাৱে দহ সহস্ৰাধিক ৰাইজে অসমীয়া জাতিৰ স্বাভিমান,অস্তিত্ব ৰক্ষা কৰিবলৈ ওলাই আহে৷দহ সহস্ৰাধিক ৰাইজ একত্ৰিত হৈ বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন বাতিল নকৰা পৰ্যন্ত চৰকাৰৰ বিৰোদ্ধে সংগ্ৰাম চলাই নিবলৈ মৰণপণ সংকল্প গ্ৰহণ কৰে ঐতিহাসিক কাকপথাৰ ৰাজহুৱা খেলপথাৰত৷ ইয়াৰ উপৰিও অৰুণাচলত বসবাস কৰি অহা ভুমিপুত্ৰ মৰাণ সকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈও অৰুণাচল চৰকাৰক দাবী জনাই ছাত্ৰ সংগঠনটোৱে৷এই গণ গৰ্জন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ,সাধাৰণ সম্পাদক নৱ মৰাণ,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী,উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকা,যুৱ ছাত্ৰ পৰিষদৰ সুৰজিত মৰাণ ইত্যাদি নেতাই৷Body:BYET:- মৃদুল দহোটিয়া,সভাপতি,কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থা৷

BYET:- নেতা, মৰাণ ছাত্ৰ সন্থা লেকাংConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.