শদিয়া, 25 জুন: ৰাজ্যজুৰি কৰ'ণা আতংক আৰু বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠবস্তিত দিন দুপৰতে চোৰে চলালে লুটপাত ৷ প্ৰদীপ বৰা নামৰ এজন শিক্ষকৰ ঘৰত দিনৰ প্ৰায় 1:30 মান বজাত কোনো জ্যেষ্ঠ ব্যক্তি নথকাৰ সুযোগ লৈ চোৰে লুটি নিয়ে ডেৰ লাখ নগদ টকা সহ বহু লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ৷
উল্লেখ্য যে, উক্ত সময়ত প্ৰদীপ বৰা একমাত্ৰ পুত্ৰ শুই থকাৰ সুযোগ লৈ চোৰে গদৰেজ খুলি লুটি নিয়ে নগদ ধন সহ আ-অলংকাৰ সমুহ ৷ ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ তথ্য লাভ কৰা নাই ৷
লগতে পঢ়কঃ তিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ