শদিয়া, 30 ছেপ্তেম্বৰঃ কাকপথাৰ আৰক্ষী থানাৰ অৰ্ন্তগত ১ নং লাজুম পথাৰত বুধবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ ঘৰৰ কাষতে থকা এটা পুখুৰীত পৰি মৃত্যু হয় ভবেশ মৰাণ (৮) নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰজন ৷ উল্লেখযোগ্য যে, ঘৰত কোনো নথকা অৱস্থাত খেলি থাকোতেই আকস্মিক ভাবে পুখুৰীটোত পৰি যোৱাত শোকাৱহ ঘটনাতো সংঘটিত হয় ৷
ইপিনে সংকটজনক অৱস্থাত ছাত্ৰজনক কাকপথাৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰজনক মৃত ঘোষণা কৰে ৷ ভবেশ মৰাণ ১ নং লাজুম পথাৰৰ বিজয় মৰাণ আৰু কৃঞ্চা মৰাণ সন্তান ৷ সম্প্ৰতি ছাত্ৰজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কাকপথাৰ অঞ্চলত ৷
লগতে পঢ়কঃ প্ৰাকৃতিক আশ্চৰ্যৰ মাধ্যমেৰে চিকিৎসা সেৱাৰ বাবে সাজু সুখীভৱ ৱেলনেছ