তিনিচুকীয়া, 22 ডিচেম্বৰ: ব্যাপক কৰ্মসংস্থাপনৰ দাবীৰ লগতে খালী হৈ থকা সকলো পদ অতি শীঘ্ৰে পূৰণ কৰা, দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা, কাম দিব নোৱাৰালৈকে সকলো নিবনুৱাক মাহিলী ৬০০০ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰা আদি বহু কেইটা দাবীৰে তিনিচুকীয়া চহৰত ছাত্ৰ ফেডাৰেশ্যন আৰু ডি ৱাই এফ আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া থানা চাৰিআলিৰ পৰা "ছাত্ৰ-যুৱ বিক্ষোভ" শীৰ্ষক প্ৰতিবাদী সমদলেৰে তিনিচুকীয়া চহৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
প্ৰতিবাদকাৰীসকলে জনোৱা মতে, 22 লাখতকৈ অধিক নিবনুৱাই কোনো ধৰণৰ কৰ্মসংস্থান পোৱা নাই ৷ আনহাতে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত শাসনাধীন চৰকাৰে প্ৰতি বছৰে 2 কোটি চাকৰি সৃষ্টি কৰা আৰু 2016 চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত অসমত 5 বছৰত 25 লাখ নিবনুৱাক সংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু ইয়াৰ কোনো ধৰণৰ ইতিবাচক সঁহাৰি প্ৰদান নকৰাৰ অভিযোগত পুনৰ সৰৱ হৈ পৰিছে সংগঠনটো । নিবনুৱা সকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা জিলা প্ৰশাসনৰ