ETV Bharat / state

প্ৰকৃতিৰ ধাৰাবাহিক আক্ৰমণত দিক বিদিক হেৰুৱাইছে 24 টা পৰিয়ালে

বিলাই-বিপত্তিৰ অন্ত নাইকিয়া হৈছে তিনিচুকীয়াৰ 24 টা বানাক্ৰান্ত পৰিয়ালৰ । খহনীয়াত ঘৰ-ভেটি হেৰুৱাৰ পাচত পুনৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিল দুৰ্ভগীয়া পৰিয়ালকেইটা (Doom Dooma flood victim) ৷

author img

By

Published : Aug 19, 2022, 11:36 AM IST

Doom Dooma flood victim
প্ৰকৃতিৰ ধাৰাবাহিক আক্ৰমণত দিক বিদিক হেৰুৱাইছে 24 টা পৰিয়ালে

তিনিচুকীয়া, 19 আগষ্ট: তিনিচুকীয়াত বানাক্ৰান্ত পৰিয়ালৰ বিননি । এজাক বতাহে উৰুৱাই লৈ গ'ল বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ (Flood victims shelter at Doom Dooma) । ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত আশ্ৰয় শিবিৰ পাতি থকা ভূমিহীন পৰিয়াল কেইটাৰ তম্বু উৰুৱাই নিলে বতাহে (Heavy storm at Doom Dooma)। তচনচ কৰি পেলালে আশ্ৰয় শিবিৰ ।

অসহায় অৱস্থাত 24 টা বানাক্ৰান্ত পৰিয়াল । শেহতীয়াকৈ অসম চৰকাৰে ফিল'বাৰীৰ টঙানি-সোণজান অঞ্চলত ভূমি আবণ্টন দিয়া তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰিৰ 24 টা বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিবলৈ যাওঁতে ৰূপক দত্ত নামৰ এগৰাকী অভিযুক্ত ব্যক্তিৰ সহিতে তেওঁৰ এটা গুণ্ডা বাহিনীয়ে খেদি পঠিয়ায় । উপায়ন্তৰ হৈ কৰদৈগুৰিৰ 24 টা বানাক্ৰান্ত পৰিয়ালে যোৱা ইং 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ(Doom Dooma revenue circle office) প্ৰাংগণত তিৰপালৰ তলত আশ্ৰয় শিবিৰ পাতি আছিল ।

ইয়াৰ সমান্তৰালভাৱে কৰ্দৈগুৰিৰ 24 টা বানাক্ৰান্ত পৰিয়ালক অতিশীঘ্ৰে সংস্থাপন দিয়া, ৰূপক দত্ত নামৰ অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গুণ্ডা বাহিনীটোক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰা, বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা আদি কেতবোৰ দাবীৰে মৰাণ জনজাতিৰ কেউটা সংগঠনৰ উদ্যোগত গণতান্ত্ৰিকভাৱে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছে । ইয়াৰ মাজতে ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে অস্থায়ী আশ্ৰয়গৃহ তচনচ কৰাত উপায়বিহীন হৈ পৰিছে পৰিয়ালকেইটা ।

লগতে পঢ়ক: গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.